Breaking

পুতুলী ঠাকুৰীয়া মেধিৰ কবিতা সংকলন “বৰ্হমথুৰি” উন্মোচন

0 2,055

আজি গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১১ বজাত কবি,সুলেখিকা তথা অসম মাধ্যমিক শিক্ষা পৰিষদ(ছেৱাৰ)দায়িত্বশীল কৰ্মচাৰী পুতুলী ঠাকুৰীয়া মেধিৰ দ্বিতীয় কবিতা সংকলন “বৰ্হমথুৰি” উন্মোচন কৰা হয়।পৰাগজ্যোতি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কবিতা পুথিখন উন্মোচন কৰে সুকণ্ঠী গায়িকা ডক্টৰ অনিমা চৌধুৰী বাইদেউৱে।ডক্টৰ অনিমা চৌধুৰী বাইদেউৱে “বৰ্হমথুৰি” কবিতা সংকলনখনে অসমৰ সাহিত্যৰ জগতত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি মতপোষণ কৰে।গ্ৰন্থ উন্মোচনী সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক ভৱানীপ্ৰসাদ অধিকাৰী,ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ,দিলস লক্ষ্মীন্দ্ৰ সিংহ, ৰত্নেশ্বৰ বসুমতাৰীয়ে কবিতাপুথিখনৰ উপৰিও সামাজিক সাংস্কৃতিক দিশৰ ওপৰতো মতপোষণ কৰে।অনুষ্ঠানটোৰ আৰম্ভনীতে মলিনী দেৱী ৰাভাই এটি সুন্দৰ বৰগীত পৰিবেশন কৰে আৰু অনুষ্ঠানটোৰ মাজভাগত দীপক দাসে প্ৰয়াত জয়ন্ত হাজৰিকা দেৱৰ এটি সুন্দৰ গীত পৰিবেশন কৰে।

Leave A Reply