Breaking

মাজুলীৰ চেলেকঘাটত দেশীয় নৌকাচালনা প্ৰতিযোগিতা জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ

0 2,025

আসন্ন অসম বিধানসভাৰ নিৰ্বাচন-২০২১ৰ বাবে ভোটাৰ সজাগতামূলক কাৰ্যসূচী ‘ছুইপ’ (এছভিইইপি)ৰ অংশ হিচাপে মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে আজি নামনি মাজুলীৰ চেলেকঘাটত এখন আকৰ্ষণীয় দেশীয় নৌকাচালনা প্ৰতিযোগিতা অনুষ্ঠিত কৰে। জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ৰ ছুইপ (এছভিইইপি) কোষে জিলা ক্ৰীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত লুইত-খাবলু নদীৰ চেলেকঘাটত আয়োজন কৰা এই নৌকা প্ৰতিযোগিতাখনি আজি পুৱা ১১ বজাত আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে জিলৰ অতিৰিক্ত উপায়ুক্ত নৰেণ দাসে। উদ্বোধনী অনুষ্ঠানত মাজুলীৰ অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) অৰিন্দম বৰুৱাই জিলাখনৰ ভোটাৰ ৰাইজৰ মাজত দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ অন্যতম মূল আধাৰ নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াক সাফল্যমণ্ডিত কৰি তোলাত ভোটাৰ হিচাপে নাগৰিকসকলৰ ভূমিকা, অধিকাৰ আৰু দায়িত্ব সন্দৰ্ভত সজাগ কৰি তুলিবলৈ মাজুলী জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে হাতত লোৱা ছুইপ অভিযানৰ অংশ হিচাপে এই নৌকা প্ৰতিযোগিতা আয়োজন কৰাৰ বিষয়ে সদৰি কৰে। তেওঁ দেশত নিৰ্বাচনৰ জৰিয়তে চৰকাৰ গঠনৰ ক্ষেত্ৰত প্ৰতিগৰাকী ভোটাৰে ভোটদানৰ অধিকাৰৰ সাব্যস্ত কৰি গ্ৰহণ কৰিব পৰা নিৰ্ণায়ক ক্ষমতাৰ বিষয়ে নাগৰিকসকলক সজাগ-সচেতন হ’বলৈ আহ্বান জনায়। অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতা, সহকাৰী আয়ুক্তদ্বয় ড০ ৰাকেশ চেত্ৰী আৰু হিমাদ্ৰী বৰাৰ লগতে জিলাখনৰ বৃহৎ সংখ্যক ক্ৰীড়ানুৰাগী ৰাইজ তথা স্থানীয় জনসাধাৰণৰ উপস্থিতিত উখল-মাখল পৰিবেশত আয়োজিত এই নৌকা প্ৰতিযোগিতাত জিলাখনৰ মুঠ ১৪টা নৌকাচালনা দলে অংশগ্ৰহণ কৰে। উত্তেজনাপূৰ্ণ প্ৰতিযোগিতাখনত তীব্ৰ প্ৰতিদ্বন্দিতাৰ অন্তত প্ৰথম স্থান দখল কৰে জকাইবোৱা য়াৰি চি ছাও নৌকাচালনা দলে। আজিৰ এই আকৰ্ষণীয় দেশীয় নৌকাচালনা প্ৰতিযোগিতাত কাকৰিকটা গাঁৱৰ সম্প্ৰীতি নৌকাচালনা দলে দ্বিতীয় আৰু ১নং মিছামৰা নৌকাচালনা দলে তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়। প্ৰথম তিনিটা বিজয়ী দলক অহা ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসত নগদ ধন, ট্ৰফী আৰু প্ৰশস্তিপত্ৰৰে পুৰস্কৃত কৰিব জিলা প্ৰশাসনে। সেইদিনাই আজিৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰী আটাইকেইটা দলৰ প্ৰতিগৰাকী সদস্যকে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়ে একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰিব।

Leave A Reply