বজালী জিলাৰ দুটা স্থানত দেশীয় সুৰা জব্দ

 বজালী জিলাত দেশীয় সুৰাৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বজালী জিলা আৰক্ষী অধীক্ষক। বুধবাৰে সন্ধিয়া বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ নেতৃত্ব বজালী জিলাৰ দুটা স্থানত দেশীয় সুৰাৰ বিৰুদ্ধে অভিযান চলায় ২০০ লিটাৰ দেশীয় সুৰা জব্দ কৰি নষ্ট কৰি পেলায় বজালী জিলা আৰক্ষী প্ৰশাসনে। উল্লেখ্য যে, দেশীয় সুৰা, জুৱাখেল, গৰু চোৰে চানি ধৰিছে বজালী জিলাক। এনেক্ষেত্ৰত ইয়াৰ বিৰুদ্ধে বজালী জিলাৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসৰ অধিক তৎপৰতাক শলাগিছে সচেতন মহলে।

Related Articles