Breaking

১৩৬ বছৰৰ শাস্তি হ’ব পাৰে ড’নাল্ড ট্ৰাম্পৰ, ৩৪টা গুৰুতৰ অভিযোগ উত্থাপন হৈছে…

0 71

১৩৬ বছৰৰ শাস্তি হ’ব পাৰে ড’নাল্ড ট্ৰাম্পৰ, ৩৪টা গুৰুতৰ অভিযোগ উত্থাপন হৈছে…।শুনানিৰ সময়ত আদালতে ট্ৰাম্পক সকীয়াই দিছিল যে তেওঁ ছ’চিয়েল মিডিয়াত এনে কোনো কথা নক’ব যিয়ে তেওঁৰ সমৰ্থকসকলৰ মাজত প্ৰতিবাদৰ অনুভূতি তীব্ৰতৰ কৰি তুলিব। আদালতে কয় যে যদি তেওঁ তেনে কৰে তেন্তে তেওঁক ৰাজহুৱা স্থানত যিকোনো কথা লিখা বা কোৱাত নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে। পৰ্ণ ষ্টাৰগৰাকীৰ মুখ বন্ধ কৰি ৰখাকে ধৰি ৩৪টা গুৰুতৰ অভিযোগ উত্থাপন হৈছে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে। এই অভিযোগসমূহৰ শুনানি মঙলবাৰে মানহাটান আদালতত অনুষ্ঠিত হয়, য’ত ট্ৰাম্পে কয় যে তেওঁ সম্পূৰ্ণ নিৰ্দোষী আৰু তেওঁক মিছাকৈ জড়িত কৰিবলৈ চেষ্টা কৰিছে যাতে তেওঁ আগন্তুক ২০২৪ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আঁতৰি থাকে।

আদালতৰ শুনানিৰ পিছত নিউয়ৰ্কৰ জিলা এটৰ্নী এলভিন ব্ৰেগে কয় যে এই গোচৰটো ট্ৰাম্পৰ প্ৰায় ৩৪টা ভুৱা বক্তব্য। যদিহে আদালতে ট্ৰাম্পক সকলো অভিযোগতে দোষী সাব্যস্ত কৰে তেন্তে তেওঁক ১৩৬ বছৰৰ কাৰাদণ্ড বিহা হ’ব পাৰে। কাৰণ সকলো অপৰাধৰ শাস্তি যোগ কৰাৰ পিছত এই সংখ্যা ১৩৬ বছৰ হৈ পৰে।

অভিযোগ কি কি?
২০১৬ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে ড’নাল্ড ট্ৰাম্পে পৰ্ণ ষ্টাৰ ষ্টৰ্মি ডেনিয়েলছক মুখ বন্ধ কৰি ৰাখিবলৈ ১৩ লাখ ডলাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ উপৰিও প্লেবয়ৰ প্ৰাক্তন মডেল কেৰেন মেকডুগালে নেতিবাচক প্ৰতিবেদন প্ৰকাশ নকৰাৰ বাবে ১৫ লাখ ডলাৰ দিয়াৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ বাহিৰেও তেওঁৰ বিৰুদ্ধে মুঠ ৩৪টা অভিযোগ উত্থাপন হৈছে।প্ৰথমবাৰৰ বাবে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে
মঙলবাৰে মানহাটান জিলা এটৰ্নীৰ কাৰ্যালয়ৰ পৰা ট্ৰাম্পক গ্ৰেপ্তাৰ কৰা হয়। আমেৰিকাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এজন প্ৰাক্তন ৰাষ্ট্ৰপতিক অপৰাধমূলক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। আত্মসমৰ্পণ কৰিবলৈ মানহাটানৰ আদালতত উপস্থিত হৈছিল ট্ৰাম্প।

শুনানিৰ প্ৰায় আধা ঘণ্টা ধৰি ফ্ল’ৰিডাৰ মাৰ-এ-লাগোত থকা নিজৰ ঘৰত ভাষণ প্ৰদান কৰে ট্ৰাম্পে। এই সময়ত তেওঁ ক’লে, ‘মই নিৰ্দোষী।’

Leave A Reply