Breaking

দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত এই কামবোৰ নকৰিব! জানি লওক এই কাম সমূহৰ বিষয়ে…

0 73

খাদ্য খোৱাৰ সময়ত যেনেকৈ কিছুমান কথাৰ প্ৰতি গুৰুত্ব দিব লাগে, ঠিক সেইদৰে খাদ্য খোৱাৰ পিছত বহু কথাত গুৰুত্ব দিব লাগে। অন্যথা এই সৰু সৰু ভুলবোৰে আপোনাৰ স্বাস্থ্যৰ বাবে মাৰাত্মক হৈ পৰিব পাৰে। খাদ্য খোৱাৰ পিছত এই বেয়া অভ্যাস সমূহ ত্যাগ কৰক। আজি আমি আপোনালোকক ক’ম দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণৰ পিছত কি কি কৰিব নালাগে…

১/ লগে লগে শুব নালাগে
আমাৰ বেছিভাগৰে খাদ্য খোৱাৰ লগে লগে শুবলৈ মন যায়। ঘৰত থাকিলে খাদ্য খোৱাৰ লগে লগে শুই যায়। দুপৰীয়াৰ আহাৰ হওক বা ৰাতিৰ আহাৰ খোৱাৰ পিছত লগে লগে শুই যোৱা অভ্যাসটো পৰিহাৰ কৰক। খাদ্য খোৱাৰ লগে লগে শুলে হজম প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব পাৰে। ইয়াৰ বাবে খাদ্য সঠিকভাৱে হজম নহয়।

২/ গা ধুবলৈ মন নাযায়
যদি আপুনি দুপৰীয়া বা ৰাতিৰ আহাৰ খাইছে, তেন্তে তাৰ লগে লগে গা ধোৱাৰ পৰা বিৰত থাকিব লাগে। কিছুমান মানুহৰ খাদ্য খোৱাৰ পিছত গা ধোৱাৰ অভ্যাস আছে। কিন্তু এই বেয়া অভ্যাস আপোনাৰ বাবে মাৰাত্মক হ’ব পাৰে। আচলতে ইয়াৰ ফলত হজম প্ৰক্ৰিয়াটো লেহেমীয়া হয়। লগতে গা ধুলে পেটৰ চাৰিওফালে তেজৰ সোঁতত প্ৰভাৱ পৰে।

৩) ফল নাখাব
ফল-মূল আমাৰ বাবে অতি উপকাৰী। কিন্তু ফল-মূল খোৱাৰ সময় আছে। খাদ্য খোৱাৰ লগে লগে যদি আপুনি ফলমূল খায় তেন্তে ই আপোনাৰ ক্ষতি কৰিব পাৰে। ইয়াৰ লগতে আপোনাৰ বদহজমৰ সমস্যাও হ’ব পাৰে। যদি আপুনি ফল-মূল খাব বিচাৰে তেন্তে খাদ্য খোৱাৰ ২ ঘণ্টা আগতে বা পিছত খাব লাগে।

৪) মদ্যপানৰ পৰা বিৰত থাকক
কিছুমানে খাদ্য খোৱাৰ পিছত ধূমপান আৰম্ভ কৰে। তেওঁলোকে এই অভ্যাসটো ত্যাগ কৰিব লাগে। যদি আপুনিও এই কাম কৰে তেন্তে আজিৰ পৰাই ত্য়াগ কৰক এই অভ্যাস। কাৰণ খাদ্য খোৱাৰ লগে লগে ধূমপান বা মদ্যপান কৰিলে স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰে। লগতে বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পৰে।


Leave A Reply