Breaking

এনে কাম নকৰিব যি কামে আনক আঘাত কৰে: কাশ্মীৰত সেনাক সতৰ্ক কৰি দিলে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে…

0 20

কাশ্মীৰত সেনাৰ বিৰুদ্ধে অসামৰিক লোকক হত্যা কৰাৰ অভিযোগৰ মাজতে প্ৰতিৰক্ষামন্‌ৰী ৰাজনাথ সিঙে আজি কাশ্মীৰত উপস্থিত হয়। সেনাই দেশক সুৰক্ষা দিয়ে। কিন্তু দেশক ৰক্ষা কৰাৰ উপৰি আমি সাধাৰণ লোকসকলৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিব লাগিব। সেনাৰ ফালৰ পৰা কোনো ভুল হ’ব নালাগে যিয়ে দেশবাসীক আঘাত কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাশ্মীৰত উপস্থিত হৈ এই কথা কয় । কেইদিনমান পূৰ্বে কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ আক্ৰমণত চাৰিজন সৈনিক শ্বহীদ হৈছিল।ইয়াৰ পিছতে বিদ্ৰোহ বিৰোধী অভিযানত তিনিজন কাশ্মীৰী নাগৰিক নিহত হৈছিল। এই ঘটনাই তাব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। অভিযোগ অনুসৰি সেনাই উদ্দেশ্যপ্ৰণোদিতভাবে লেক কেইজনক হত্যা কৰিছে। এনে সময়তে কাশ্মীৰত ৰাজনাথ সিঙৰ মন্তব্যই বিশেষ গুৰুত্বপূৰ্ণ হিচাবে বিবেচিত হৈছে।প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাশ্মীৰ ভ্ৰমণৰ সময়ত লগতে কয় -প্ৰতিজন সৈনিক মোৰ পৰিয়ালৰ দৰে। প্ৰতিৰক্ষা মন্ত্ৰীয়ে বুধবাৰে কাশ্মীৰ ভ্ৰমণ কৰে। তেওঁ কয় যে সেনা আৰু তেওঁলোকৰ পৰিয়ালৰ নিৰাপত্তা নিশ্চিত কৰাটো চৰকাৰৰ বাবে অতি গুৰুত্বপূৰ্ণ কথা। পুঞ্চত সেনা জোৱানৰ ওপৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাটোৰ বাবে এজন ব্ৰিগেডিয়াৰ পদবীৰ বিষয়াৰ অৱহেলাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ কৰা হৈছে যে জোৱানসকলৰ নিৰাপত্তাৰ সৈতে তেওঁ আপোচ কৰাৰ বাবেই এনে আক্ৰমণ সংঘটিত হ’বলৈ পালে। এনে অভিযোগৰ মাজতে ৰাজনাথ সিঙে সেনাৰ নিৰাপত্তা ব্যৱস্থাটো পৰ্যালোচনা কৰিবলৈ কাশ্মীৰলৈ গৈছে। তেওঁৰ মতে, ভাৰতীয় সেনা আগৰ তুলনাত যথেষ্ট শক্তিশালী হৈ উঠিছে।


প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কাশ্মীৰত কয় “প্ৰতিজন ভাৰতীয়ই জোৱানসকলক তেওঁৰ পৰিয়ালৰ সদস্য হিচাপে গণ্য কৰে। যদি কোনোবাই সেনাৰ ওপৰত বেয়া দৃষ্টি দিয়ে , তেওঁলোকক এৰি দিয়া নহ’ব। জোৱানসকলৰ ওপৰত আক্ৰমণ প্ৰতিহত কৰিবলৈ নিৰাপত্তা আৰু উন্নত কৰা হৈছে। ইয়াৰ বাবে, চৰকাৰে সকলো ধৰণে সহায় কৰিব। “একে সময়তে ৰাজনাথ সিঙে লগতে কয় যে এনে আক্ৰমণৰ পৰা শিক্ষা গ্ৰহণ কৰাৰ প্ৰয়োজন আছে। সিঙে কয় “মই জানো যে আপোনালোক সকলোৱে সতৰ্কতাৰে কাম কৰে, কিন্তু আপোনালোক অধিক সাৱধান হ’ব লাগিব। যেতিয়া জোৱানসকল শ্বহীদ হয়, চৰকাৰে তেওঁলোকৰ পৰিয়ালক কিছু সহায় আগবঢ়ায়। মই সকলোকে আশ্বাস দিব বিচাৰো যে আমাৰ সৈনিক আৰু তেওঁলোকৰ পৰিয়ালক সুৰক্ষা দিয়াটো চৰকাৰৰ কৰ্তব্য’’। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে সন্ত্ৰাসবাদী আক্ৰমণত নিহত সকলৰ ঘৰলৈও যায় আৰু তেওঁলোকৰ পৰিয়ালক লগ কৰে। তেওঁ নিৰাপত্তা সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ বৈঠকতো অংশগ্ৰহণ কৰে।

Leave A Reply