Breaking

কণীৰ সৈতে নাখাব এই পাঁচটা বস্তু…

0 76

কণীৰ সৈতে নাখাব এই পাঁচটা বস্তু। কণীক প্ৰটিনৰ ভাল উৎস বুলি গণ্য কৰা হয়, বহুতে কণী ব্ৰেকফাষ্টত খায়। যাতে তেওঁলোকৰ শৰীৰ ফিট হৈ থাকে। কিন্তু কিছুমান বস্তুৰ সৈতে খাব নালাগে কণী। এনে কৰিলে পেট বেয়া হয় আৰু বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে-

চাহৰ লগত কণী খাব নালাগে। চাহ, কণী একেলগে খালে গেছ আৰু এচিডিটিৰ সমস্যা হয়।

পোৰা মাংস আৰু কণী একেলগে খাব নালাগে। ই আপোনাক হজম শক্তিত বহুত কষ্ট দিব পাৰে আৰু লগতে চৰ্বিও বহু পৰিমাণে বৃদ্ধি কৰিব পাৰে। এই দুটা একেলগে খালে আপুনি এলেহুৱা হব পাৰে।

কণী আৰু চেনি একেলগে খাব নালাগে। ইয়াৰ ফলত আপোনাৰ পেটৰ বহু ক্ষতি হব পাৰে। একেলগে কণী আৰু চেনি খালে শৰীৰত তেজ জমা হয় যাৰ ফলত বহুত ক্ষতি হয়।

কণী আৰু কলও খাব নালাগে একেলগে। কাৰণ কণী আৰু কলও একেলগে খালে হজম হ’বলৈ বহু সময় লাগে, সেয়েহে একেলগে নালাগে, কণীত প্ৰচুৰ পৰিমাণে প্ৰ’টিন থাকে আৰু কলত পটাছিয়াম বেছি থাকে, সেয়েহে দুয়োটা একেলগে খাব নালাগে।

Leave A Reply