Breaking

‘উপহাৰ নালাগে, মোদীক ভোট দিয়ক’, বিবাহ কাৰ্ডত মোদীক ভোট দিবলৈ অনুৰোধ…

0 19

৪ এপ্ৰিলত হ’ব পুত্ৰৰ বিবাহ। বিবাহৰ পূৰ্বে দৰাৰ দেউতাকে বিয়াৰ কাৰ্ড ছপা কৰি আলহীক নিমন্ত্ৰণ কৰিছিল। উপহাৰৰ সলনি সকলোকে ভোট দিবলৈ অনুৰোধ জনায়। দৰাৰ পিতৃয়ে অতিথিসকলক বিয়াৰ কাৰ্ডত কোনো ধৰণৰ ‘উপহাৰ’ নানিবলৈ অনুৰোধ জনাইছে। এই ঘটনা তেলেংগানাৰ।


তেলেংগানাৰ সাংগাৰেডী অঞ্চলৰ ঘটনা এয়া। ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে ছাই কুমাৰ আৰু মহিমা ৰাণীৰ বিবাহ কাৰ্ডৰ ছবি। দৰাৰ দেউতাকে লিখিছে, “মোৰ ল’ৰাৰ বিয়ালৈ আপোনাক নিমন্ত্ৰণ কৰা হৈছে।” অনুগ্ৰহ কৰি কোনো ধৰণৰ উপহাৰ নানিব। আগন্তুক লোকসভা নিৰ্বাচনত কেৱল আপোনালোক সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ভোট দিব। সেইটোৱেই মোৰ ল’ৰাৰ বিয়াৰ উপহাৰ।” বিয়াৰ তাৰিখ ৪ এপ্ৰিলত নিৰ্ধাৰণ কৰা হৈছে।দৰাৰ পিতৃৰ নাম নোনিকান্তি নৰসিংহলু। তেওঁ বিজেপি সমৰ্থক, পুত্ৰৰ বিবাহ কাৰ্ডত তেওঁ দল আৰু দলৰ নেতাই মোডীক ধন্যবাদ জ্ঞাপন কৰে। চচিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দুলৈ আহিছে এই বিবাহ কাৰ্ডৰ ছবি। দৰাৰ পিতৃৰ এনে নতুন দাবী দেখি বহুতক আমোদ দিয়ে। কাৰ্ডৰ প্ৰকাৰক লৈ বহুতে প্ৰশ্ন উত্থাপন কৰিছে। কিয় দলীয় অপপ্ৰচাৰ হিচাপে ব্যৱহাৰ কৰা হৈছে বিয়াৰ কাৰ্ড, বিৰোধীয়ে প্ৰশ্ন কৰিছে।

Leave A Reply