ছেটেলাইটৰ বাবে মাটি নালাগে, ৰাজ্য চলোৱাৰ সপোন দেখে:ভূপেন বৰাক কটাক্ষ মুখ্যমন্ত্ৰীৰ – SATELLITE

SATELLITE । অসম চৰকাৰৰ নিজা ছেটেলাইট থকাৰ প্ৰস্তাৱক লৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ‘অসম বাজেট ২০২৫-২৬’ত ৰাজ্যৰ বাবে নিজা ছেটেলাইট স্থাপনৰ প্ৰস্তাৱ আগবঢ়োৱাৰ পাছতেই, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই ধৰণৰ পৰিকল্পনাক সমালোচনা কৰে।

ভূপেন বৰাই কয়, “অসমত ছেটেলাইট নিৰ্মাণৰ স্থান ক’ত আছে? ইয়াৰ বাবে প্ৰয়োজনীয় এক্সপাৰ্ট ক’ত আছে? এইটো সোণোৱাল চৰকাৰৰ টুইন টাৱাৰ, এক্সপ্ৰেছ হাইৱে’ৰ দৰে এটা মিছা প্ৰতিশ্ৰুতি। কেৱল সপোন দেখা আৰু ঘোষণা কৰিলেই কাম নহয়।”

এই সমালোচনাৰ প্ৰত্যুত্তৰ দি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধাৰাপুৰত এক ধৰ্মীয় অনুষ্ঠানত কয়, “ছেটেলাইট নিৰ্মাণৰ বাবে মাটি নালাগে। যিসকলক এই সামান্য কথাও নাজানেই, তেওঁলোকে ৰাজ্য চলোৱাৰ সপোন কেনেকৈ দেখে? ভাৰত চৰকাৰৰ ইতিমধ্যে ৩০০ ৰো অধিক ছেটেলাইট আছে। আমি যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এটা ছেটেলাইট অসমৰ বাবে দিবলৈ অনুৰোধ কৰোঁ, তেন্তে কিয় নাপাওঁ?”

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “আমাৰ ৰাজ্যৰ নিজা ছেটেলাইট থাকিলে বাংলাদেশী অনুপ্ৰৱেশৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব পাৰিম, বান পৰিস্থিতি আগতীয়া অনুমান কৰিব পাৰিম। আমি অসমৰ স্বাৰ্থৰ বাবে এই ধৰণৰ ছেটেলাইট বিচাৰি প্ৰধানমন্ত্ৰীক অনুৰোধ জনাব।”

এই সমগ্ৰ বিষয়টোক লৈ ৰাজ্যত বিতৰ্ক চলি আছে। কংগ্ৰেছে ইয়াক অবাস্তৱ বুলি অভিহিত কৰিছে, আনহাতে বিজেপি চৰকাৰে ইয়াক অসমৰ ভৱিষ্যতৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি দাবী কৰিছে। এতিয়া লক্ষ্যণীয় হব যে কেন্দ্ৰীয় চৰকাৰে অসমৰ বাবে বিশেষ ছেটেলাইট মঞ্জুৰ কৰে নে নাই।

Related Articles