Breaking

‘পুৰণি কথা পাহৰিব নিবিচাৰো, পুৰণি স্মৃতি লৈ জীয়াই থাকিম…’, বিবাহ বিচ্ছেদৰ প্ৰশ্নৰ উত্তৰত এইদৰে ক’লে সামন্থা ৰুথে…

0 79

বৰ্তমান সামন্ত ৰুথ প্ৰভুৱে নিজৰ আগন্তুক ছবি ‘শকুন্তলাম’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে নিজৰ বিবাহ বিচ্ছেদৰ বিষয়ে কয় যে তেওঁ একো পাহৰিব নিবিচাৰে। সামান্থা ৰুথ আৰু স্বামী নাগা চৈতন্যৰ বিবাহ বিচ্ছেদ হৈছে। কিন্তু, এতিয়াও তেওঁলোকৰ বিবাহ বিচ্ছেদৰ আলোচনা শেষে হোৱা নাই। অনুৰাগীয়ে কেতিয়াও আশা কৰা নাছিল তেওঁলোকৰ বিচ্ছেদ হোৱাটো। এনে সময়তে সামান্থা এক ভাষ্য ভাইৰেল হৈছে। ‘শকুন্তলাম’ প্ৰচাৰৰ সময়ত অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ পুৰণি একো কথাই কেতিয়াও পাহৰিব নিবিচাৰে।

এক সাক্ষাৎকাৰত সামান্থাক সোধা হৈছিল যে তেওঁৰ জীৱনত এনেকুৱা কিবা আছে নেকি যি কথা তেওঁ পাহৰি যাব বিচাৰে। এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে প্ৰথমে সুধিলে যে প্ৰশ্নটো তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত নেকি? ইয়াৰ পিছত অভিনেত্ৰীগৰাকীয়ে কয় যে, “মই একো পাহৰিব নিবিচাৰো কাৰণ সকলোৱে মোক জীৱনত কিবা এটা শিকাইছে, গতিকে মই পাহৰিব নিবিচাৰো।”

বৰ্তমান সামন্থাই তেওঁৰ আগন্তুক ছবি ‘শকুন্তলাম’ মুক্তিৰ বাবে সাজু হৈছে। বৰ্তমান এই ছবিখনৰ প্ৰচাৰ কৰাত ব্যস্ত সামান্থা ৰুথ প্ৰভু। অহা ১৪ এপ্ৰিলত মুক্তি পাব ‘শকুন্তলাম’ ছবিখনে।

Leave A Reply