Breaking

বকোৰ বিধায়িকা নন্দিতা দাসৰ সমআগত বিধানসভাৰ নিৰ্বাচনৰ বাবে ঘৰে ঘৰে প্ৰচাৰ অভিযান

0 2,029

যি সময়ত বিভিন্ন ৰাজনৈতিক দলৰ টিকট প্ৰত্যাশীসকলে দলৰ হাইকমাণ্ডৰ দূৱাৰে দূৱাৰে তাঁত বাটি কাঢ়ি দলীয় টিকট আদায়ৰ চেষ্টাত ব্ৰতী হৈ আছে ঠিক তেনে সময়তে ব্যতিক্ৰমী ৰূপত দেখা গৈছে কামৰূপ জিলাৰ ৪৮ নং বকো বিধানসভা সমষ্টিৰ কংগ্ৰেছী বিধায়িকা নন্দিতা দাসক ৷ দেওবাৰে নিশালৈকে বিধায়িকা নন্দিতা দাসক দেখা গ’ল সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে ঘৰে ঘৰে প্ৰচাৰ অভিযান কাৰ্যত ৷ বকো সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ এলেকাধীন বৰুৱা আৰু বামুণবঢ়ী গাওঁপঞ্চায়ত এলেকাৰ বিভিন্ন ঠাইত চলালে কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰ ৷ ইয়াৰ মাজতে বৰুৱা পাহাৰত থকা পীৰে কামেল নুৰুল্লাহ নুৰ খানকাহ শ্বৰিফত অনুষ্ঠিত ধৰ্মীয় জলছাহতো অংশগ্ৰহণ কৰি ধৰ্মপ্ৰাণ ৰাইজৰ সতে মত বিনিময় কৰাৰ লগতে দোৱা – আশীৰ্বাদ বিচাৰে বিধায়িকা গৰাকীয়ে ৷ বিধায়িকা গৰাকীয়ে খানকাহ শ্বৰিফৰ আন্ত:গাঁথনিৰ বুজলৈ ইয়াৰ উন্নয়নৰো আশ্বাস প্ৰদান কৰে ৷ ইয়াৰোপৰি বিধায়িকা নন্দিতা দাসে নিশালৈকে গাওঁপঞ্চায়ত দুখনত কেবাখনো ৰাজহুৱা সভাত অংশ লৈ ভোটাৰ ৰাইজৰ সৈতে মতবিনিময় কৰি ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লয় ৷ এই প্ৰচাৰ অভিযানত বিধায়িকা গৰাকীয়ে ৬ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা বকো সমষ্টিৰ বিধানসভাৰ নিৰ্বাচনত  ৰাইজক কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনায় ৷ ইফালে, বামুণবঢ়ী গাওঁপঞ্চায়তৰ অন্তৰ্গত বেৰাভাঙাত অনুষ্ঠিত কংগ্ৰেছৰ সভা এখনত প্ৰায় শতাধিক অগপ দলৰ সমৰ্থকে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰে ৷ কংগ্ৰেছত যোগদান কৰাসকলক একোখনকৈ ফুলাম গামোছাৰে আদৰণিও জনায় বিধায়িকা নন্দিতা দাসে ৷ বিধায়িকা গৰাকীৰ এই প্ৰচাৰ অভিযানত ছমৰীয়া ব্লক কংগ্ৰেছৰ সভাপতি ধনেশ্বৰ বায়ন, মিডিয়া সমন্বয়ক দিলবৰ হুছেইন, সাধাৰণ সম্পাদক হাচেন আলী,বৰুৱা আৰু বামুণবঢ়ী গাওঁপঞ্চায়তৰ সভাপতি আৰু সভানেত্ৰী ক্ৰমে আক্ৰাম হুছেইন, মৰনী সৰকাৰ প্ৰমূখ্যে কেবাখনো পঞ্চায়তৰ কাউন্সিলৰ, মণ্ডল কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে কংগ্ৰেছ দলৰ বিভিন্ন শাখাৰ ভালেসংখ্যক নেতৃবৃন্দই সহযোগ কৰে ৷

Leave A Reply