Breaking

ধুবুৰীৰ ৫ নং ৱাৰ্ডত পৌৰ সভাৰ স্বচ্ছ ভাৰত মিছনৰ Door to Door জাবৰ সংগ্ৰহ প্ৰক্ৰিয়াৰ শুভাৰম্ভ

0 556

মংগলবাৰে ধুবুৰীৰ ৫ নং ৱাৰ্ডৰ চক বজাৰত পৌৰ সভাৰ অধিনত স্বচ্ছ ভাৰত মিছন ( Urban) ৰ Door to Door জাবৰ সংগ্ৰহ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে ধুবুৰী পৌৰসভাৰ পৌৰপতি ডঃ দেবময় সান্নালে। পৌৰপতিয়ে ৫ নং ৱাৰ্ডৰ চক বজাৰত এখন বৈঠক অনুষ্ঠিত কৰি জনসাধাৰণক অৱগত কৰে যে অহা ০৫/০৯/২০২২ তাৰিখৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ মাল্টি (এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান গোট) ধুবুৰীৰ দ্বাৰা দুৱাৰে দুৱাৰে জাবৰ সংগ্ৰহৰ বাবে ইউজাৰ চাৰ্জ সংগ্ৰহ কৰা হ’ব।

সেয়েহে মুকলিকৈ জাবৰ পেলোৱা বন্ধ কৰি ধুবুৰী পৌৰ ব’ৰ্ডৰ স্বচ্ছ ভাৰত মিছন ( Urban) ৰ Door to Door জাবৰ সংগ্ৰহ প্ৰক্ৰিয়াত যোগদান কৰি ঘৰতে Source Segregation অনুশীলন কৰি কম্পাৰ্টমেণ্টেলাইজড ট্ৰাইচাইকেল সমূহত জাবৰবোৰ DRY আৰু WET আৱৰ্জনা হিচাপে নিষ্কাশন কৰি অধিক প্ৰক্ৰিয়াকৰণৰ বাবে অনুৰোধ জনায় পৌৰপতি গৰাকীয়ে। ইয়াৰ বিৰুদ্ধে কোনো ধৰণৰ উলংঘা কৰিলে সময়সূচী অনুসৰি জৰিমনা বিহা হ’ব। পৌৰসভাৰ অধিনৰ কঠিন আৱৰ্জনা, প্লাষ্টিক আৱৰ্জনা ব্যৱস্থাপনা, পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু অনাময় RULES/BYE-LAWS vide notification No. DM-16/2019-20/985 dated Dhubri the 2nd February,2020 অনুসৰি ব্যৱহাৰকাৰীয়ে দুৱাৰে দুৱাৰে জাবৰ সংগ্ৰহৰ বাবে চাৰ্জ লব পাৰিব বুলি কয়।

Leave A Reply