Breaking

জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড° অমিয় কুমাৰ ভূঞা…

0 276

জনতাৰ বুকুৰ মৰম পৰশত প্ৰাণ ঢালি ঢালি ৰাইজৰ সেৱাত সমৰ্পিত বিধায়ক ড°অমিয় কুমাৰ ভূঞা ।

‘ আমাৰ শ্রেষ্ঠ বিহপুৰীয়া নিৰ্মাণৰ পণ
বিহপুৰীয়া প্ৰথম আৰু মহিলা প্রথম।’
-ড°অমিয় কুমাৰ ভূঞা

জনতা‌ৰ ন্যাৰ্য অপূৰ্ব আদৰৰ প্ৰাপ্তিৰ বাবেই উষ্ম ৰক্তিমে ৰক্তিমে জীয়াই আছে আৰু থাকিব অনন্ত কাললৈ ।সদায় বুকুত কঢ়িয়াই লৈ ফুৰিছে বৰ নাৰায়ণপুৰৰ তথা আই অসমীৰ জয়গান।আই অসমী সভ্যতা-সংস্কৃতি, ভাষা-সাহিত্য, জাতি-ভেটি ৰক্ষাৰ দৃঢ় সংকল্পৰে অনন্ত কুশল যাত্ৰাত মহাপুৰুষ মাধৱদেৱ, হৰিদেৱ, অনিৰুদ্ধদেৱ,বদলাপদ্ম আতা প্ৰমুখ্যে বাৰবৈষ্ণৱৰ পৱিত্ৰভূমি শংকৰ মাধৱৰ মনিকাঞ্চন সংযোগ ক্ষেত্ৰৰ বিধায়ক হিচাপে ড°অমিয় কুমাৰ ভূঞাক জাতি-বর্ণ-ধর্ম-ভাষা-সম্প্রদায় নির্বিশেষে গভীৰ আস্থা আৰু বিশ্বাসেৰে শ্রেষ্ঠ বিহপুৰীয়া সমষ্টি নিৰ্মাণৰ বাবে ভাৰতীয় জনতা পার্টিৰ নীতি আদর্শ আৰু নেতৃত্বৰ প্রতি সমর্থন আগবঢ়াই দায়িত্ব অর্পণ কৰাৰ পিছতে দিয়া প্রতিশ্রুতি আৰু জনতাৰ আশা-আকাংক্ষাক ন-উদ্যেমেৰে সদায়েই ‘বিহপুৰীয়া প্ৰথম আৰু মহিলা প্রথম’ মূলমন্ত্ৰৰে বাস্তৱায়িত কৰাত নিৰলস প্রয়াস অব্যাহত ৰাখিছে।বিধায়কৰ এই বিকাশ-সমন্বয়ৰ ইতিবাচক যাত্ৰাত বিহপুৰীয়া সমষ্টিবাসীৰ সপোনবোৰক বাস্তৱায়িত কৰিবলৈ এই কম সময়তে অসম চৰকাৰৰ প্রতিটো বিভাগেও শ্রেষ্ঠত্ব উজাৰি দিবলৈ

শক্তিশালী ৰূপত আগৱাঢ়ি গৈছে। সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্রয়াসেৰে নতুন ভাৰত বা আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ স্বপ্নৰে বিশ্বৰ বুকুত গুৰু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্রয়াস আৰু অসমৰ সর্বাঙ্গীণ বিকাশৰ বাবে বিৰামহীন প্ৰগতিৰ যাত্ৰাৰে ভাৰতবৰ্ষৰ পাঁচখন ৰাজ্যৰ ভিতৰত অসমক এখন উন্নত ৰাজ্য হিচাপে জিলিকাই তুলিবলৈ পণ লোৱা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ যাত্ৰাত বাৰবৈষ্ণৱৰ পৱিত্র ভূমি ৭৩ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ পৰা সমষ্টিবাসীৰ সপোনবোৰক বাস্তবায়িত কৰি সাকাৰ ৰূপ দিবৰ বাবে নিৰবিচ্ছিন্ন প্ৰয়াস প্ৰতিটো নিয়ত অব্যাহত ৰাখিছে ।সঠিক পৰিকল্পনা, পুঁজিৰ সামৰ্থ, সংশিষ্ট লোকৰ সততা, নিষ্ঠা আৰু একাগ্রতা, কার্যদক্ষতা আৰু প্রাকৃতিক পৰিৱেশৰ ওপৰত উন্নয়ন আৰু বিকাশ নির্ভৰশীল হ’বলগীয়া হোৱা স্বৰ্তেও সমষ্টিৰ সামগ্রিক, আর্থ-সামাজিক, সাংস্কৃতিক, শৈক্ষিক, কৃষি, ক্রীড়াকে ধৰি সকলো খণ্ডৰ সর্বাঙ্গীন বিকাশৰ বাবে যথেষ্ট আগবঢ়াই নিছে। সর্ব্বোচ্চ উজাৰি তেনে প্রত্যয় আৰু প্রত্যাশাৰে ৰাইজৰ নিষ্ঠাৰে আৰু সততাৰে দিয়া প্রতিশ্রুতি আৰু সংকল্পক জনদৰদী মুখ্যমন্ত্রী মহোদয়ৰ উন্নয়নমুখী নেতৃত্বত সিদ্ধিলৈ ৰূপান্তৰিত কৰি বিহপুৰীয়া নিৰ্মাণৰ যাত্ৰাত বিধায়ক গৰাকী চিৰদিন বদ্ধ পৰিকৰ।আই,বাই অবলাৰ দুখৰ চকুলো মচি পথৰ সন্ধান

দিয়া,চাকৰিপ্ৰত্যাশী যুৱক যুৱতীক স্বাবলম্বী,প্ৰশিক্ষণৰ ব্যৱস্থা কৰি উপযুক্ত কৰি তোলা বিহপুৰীয়া সমষ্টিৰ উন্নয়নত জনতাক প্ৰত্যক্ষ সংযোগ কৰি ক্ষমতাৰ বিকেন্দীকৰণেৰে ৰাইজৰ হাতেৰে উন্নয়নৰ মাপকাঠী তৈয়াৰ কৰা,ক্ৰীড়া,সাহিত্য,সংস্কৃতি আৰু আধ্যাত্মিক চেতনাৰে জনতাক উদ্বুদ্ধ কৰি শান্তিকামী সুন্দৰ বিহপুৰীয়া সমষ্টিৰ জয়যাত্ৰা অব্যাহত ৰখা এনেকুৱা বিধায়কৰ সংখ্যা আজিৰ দিনত বহুতেই কম ।বিপদৰ বন্ধু বিধায়ক ড°অমিয় কুমাৰ ভূঞাৰ এই মহাগৌৰৱী পদক্ষেপ চিৰকাল মনত ৰাখিব বিহপুৰীয়াসমষ্টি বাসী জনতাই।ৰাইজৰ বিধায়ক গৰাকীলৈ আৰ্শীবাদ –উচ্ছাস-উচাহৰ স্পন্দনত এই চেতনাৰ প্ৰৱাহ চিৰদিন থাকক। বিহপুৰীয়া সমষ্টি বাসী জনতাৰ উমাল পৰশে পৰশি জিলিকি উঠক বিহপুৰীয়া সমষ্টিৰ বাসী ৰাইজৰ মান,মন,অভিমান ,স্বাভিমান।বিধায়ক গৰাকীৰ উন্নয়নৰ বোৱতী গংগাৰ চেতনা চিৰদিন থাকক।মনৰ দৃঢ়তা আৰু কৰ্মদ্যোম ,জিনি যোৱাৰ পৰিচয় উচ্ছাস-উচাহৰ স্পন্দন চিৰদিন উদ্ভাসিত সদায় দ্ৰুত বেগী বায়ুতকৈও আগত থাকক।

Leave A Reply