Breaking

ধেমাজিত ড° বনজিৎ ভট্টৰ ‘লেহেতি নাচনী’ শুভ উদ্ধোধন

0 135

চহা জীৱনৰ প্ৰেম-বিৰহৰ প্ৰতিচ্ছবি পোৱা যায় বনগীতত। পথাৰৰ  প্ৰকৃত গ্ৰাম্য পটভূমি লুকাই থাকে বনগীতত। বৰ্তমান এই বনগীতৰ আমাৰ সমাজৰ বৰকৈ শুনা নাযায়। এদিন এনেকৈ হেৰাই যাব নেকি খেতিয়কৰ পথাৰ আৰু কেচঁমাটিৰ পৰশিত বনগীত সমূহ? এয়া মোৰ মনৰ মাজত তীব্ৰ আক্ষেপ। যাৰ বাবে পথাৰ ভাল পোৱা মানুহৰ ওচৰলৈ গৈ ম‌ই ভিক্ষা খোজিছিলো মোক এটা গীত‌ লাগে। বনগীত। যি গীতে আকৌ জোৱাৰ আনিব পাৰে কৰ্মযোগী ৰংমন-ৰাংঢালীৰ মন আৰু প্ৰাণ।

এদিন লগ পাই গলো বনগীতৰ সাগৰত সাঁতুৰি মুকুতা বুটলা ডিব্ৰুগড়ৰ দীননাথ তামুলীক।এই এটি মুকুতা লৈ আনিলো ডিব্ৰুগড়ৰ পৰা ধেমাজিলৈ। আৰু আজি যাৰ ফল নিৰলা পঁজা নিৱেদন ‘লেহেতি নাচনী’। পথাৰ ভালপোৱা ৰাইজলৈ উৰ্চগা কৰি মুকলি কৰি দিলো মোৰ সপোনৰ ‘লেহেতি নাচনী’। -এই বক্তব্য সংগীতশিল্পী তথা ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বনজিৎ ভট্টৰ। ধেমাজি ৰেক্ট্ৰিক্স বিদ্যালয়ৰ প্ৰাঙ্গনত এই বনগীতটি মুকলি কৰে ধেমাজি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক গুনিন্দ্ৰ ডেকাই। দীননাথ তামুলীৰ ৰচনাৰ গীতটি সজাই পৰাই দিছে শিল্পী ড° ভট্টৰ লগতে পৰিকল্পনা-পৰিচালনাত ভৱেন তামুলী, চিত্ৰগ্ৰহণত আকাশদ্বীপ গগৈ, সংগীতত প্ৰদীপ ৰঞ্জন দত্ত, সংগীত সংমিশ্ৰণত মহেন্দ্ৰ দত্ত, গ্ৰাফিক সম্পাদনা  হোমেন শ‌ইকীয়া, গিৰিণ কছাৰী,প্ৰণৱ চুতীয়া আদিয়ে। সম্পূৰ্ণ গ্ৰাম্য পটভূমি সম্বলিত দৃশ্যগ্ৰহণ কৰা  ভিডিঅ’টিত অভিনয় ক্ৰমে বিশ্বজিৎ কোঁচ,আটলাটিকা গগৈ আৰু শিশু অভিনেত্ৰী চিন্ময়।

গীতটি মুকলি কৰি উন্মোচন আৰক্ষী বিষয়াই কয়- সংগীতৰ যোগেদি মানুহৰ সুখ-দুখ ভগাব পাৰি। শিল্পীয়ে সজাই দিয়া গীতৰ মাজতে লুকাই আছে প্ৰকৃত শিপা। শিপা বিচৰাটো আমাৰ দায়িত্ব বুলি উল্লেখ কৰে। একদৰে অনুষ্ঠান অতিথি হিচাপে লেখক-অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলিন বৰগোহাঁই কয়- বিশ্বত অস্থিৰ পৰিৱেশ। এই পৰিবেশত গানে দিয়ে সাহস আৰু  জীয়াই থকাৰ প্ৰেৰণা। তাতে প্ৰকৃতাৰ্থত গ্ৰাম্য জীৱনৰ পটভূমি এটি শ্ৰাব্য আৰু দৃশ্যগ্ৰহণ কৰিলো সুন্দৰ বনগীত বুলি মন্তব্য কৰে। একেদৰে ধেমাজিৰ সাংস্কৃতিক কৰ্মী নিপ কোঁৱৰে এয়া প্ৰজন্মৰ প্ৰতি অনন্য চিন্তক বাৰ্তা বুলি মত ব্যক্ত কৰে। লগতে ধেমাজিত এক সাংস্কৃতিক পৰিৱেশ ঘূৰি অহা বুলিও সদৰি কৰে। অনুষ্ঠানত নাট্যকাৰ হেমন্ত বৰপাত্ৰগোঁহায়ে গীতিকাৰ চিত্তকল্প আৰু শিল্পী যুগলবন্দীৰ কথা চমূ অৱলোকন কৰে।

অনুষ্ঠানত অধ্যাপক দিগন্ত কাকতিয়ে বনগীত পুনৰ জীয়াই ৰখাৰ স্বাৰ্থত শিল্পী কলা-কুশলীক আৰু অধিক মনোনিবেশ কৰিবলৈ অনুপ্ৰেৰণা যোগায়। অনুষ্ঠানত ৰেক্ট্ৰিক্স বিদ্যালয়ৰ পৰিচালক সঞ্চালক লক্ষী হাজৰিকা কবি নবীন বুঢ়াগোহাঁই, সাংস্কৃতিক কৰ্মী ৰূপজ্যোতিৰ লগতে যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰে।

Leave A Reply