Breaking

টিংৰাই অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা ড° ভূপেন বৰুৱা মৃত্যু ৷

0 2,072

বৃহত্বৰ টিংৰাই অঞ্চলৰ প্ৰথম গৰাকী ডক্টৰেট ডিগ্ৰীৰ সন্মান লাভ কৰা ড° ভূপেন বৰুৱাৰ ৮০ বছৰ বয়সত যোৱা ৩ মে’ত গুৱাহাটীত মৃত্যু হয় ৷ ডিগবৈ টিংৰাই সমীপৰ বহু পুৰণি ঐতিসাহিক হোলোংহাবি চাহ বাগিচাৰ প্ৰাক্তণ প্ৰৱন্ধক প্ৰায়ত পিতৃ বলোৰাম বৰুৱা আৰু মাতৃ প্ৰায়ত বন্তি বৰুৱাৰ তৃতীয় পুত্ৰ প্ৰায়ত ড° ভূপেন বৰুৱা যোৰহাটৰ বামুন পুখুৰিত জন্ম গ্ৰহণ কৰিছিল ৷ পিতৃ চাকৰি সুত্ৰে টিংৰাই অঞ্চলতে ডাঙৰ দীঘল হোৱা ড° বৰুৱাই বামুন পুখুৰি হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰিক্ষা উত্তীৰ্ণ হৈ ডিব্ৰুগড় কানৈ কলেজৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰি গুৱাহাটী ভেটেনাৰী কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয় স্নাতোকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে ৷ পাছত উত্তৰ প্ৰদেশৰ বেৰিলি পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল ৷ পিছলৈ চাকৰি জীৱন আৰম্ভ কৰি গুৱাহাটী ভেটেনেৰি কলেজৰ পৰা প্ৰৱক্তা হিচাপে অৱসৰ গ্ৰহণ কৰা প্ৰায়ত ড° ভূপেন বৰুৱাই নিজৰ চাকৰি জীৱনত অসম কৃষি বিশ্ববিদ্যালয়ত এটা বছৰ উপ ৰেজিষ্টাৰ হিচাপেও কৰ্মৰত আছিল ৷ টিংৰাই অঞ্চলৰ এইগৰাকী শিক্ষাবিদ প্ৰায়ত ড° ভূপেন বৰুৱাই স্কুল আৰু কলেজিয়া জীৱনত খুব ভাল ফুটবল আৰু বেটমিণ্টণৰ খেলুৱৈ আছিল ৷ ছাত্ৰ অৱস্থাত ৰাজনীতি সৈতে জড়িয় আছিল বৰুৱাই ৷ এনে এগৰাকী বিশিষ্ট ব্যক্তিৰ মৃত্যুত টিংৰাই লগতে নিজা বাসস্থান গুৱাহাটীৰ হাতীগাওঁতো গভীৰ শোকৰ ছাঁ পৰিছে ৷ ড° ভূপেন বৰুৱাৰ কনিষ্ঠ ভাতৃ টিংৰাই অঞ্চলৰ শিক্ষাবিদ ব্ৰজেন বৰুৱা অসমৰ এগৰাকী চাহ জনগোষ্ঠী সংস্কৃতিৰ বিশিষ্ট গৱেষক ৷ মৃত্যু সময়ত ড° বৰুৱাই পত্নী, পুত্ৰ, জী, জোৱাই লগতে বহু আত্মীয় সজনক এৰি যায় ৷

Leave A Reply