Breaking

ড: চন্দন হাজৰিকালৈ ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাৰ সন্মানীয় ফে’ল সন্মান…

0 54

অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতিবিদলৈ বিশেষ সন্মান ।

কৃষি অৰ্থনীতিৰ শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত আগবঢ়োৱা বিশেষ অৱদানৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতিৰ গৱেষক বিজ্ঞানীক ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাই বিশেষ সন্মান প্ৰদান কৰিছে । বিশিষ্ট কৃষি অৰ্থনীতিবিদ তথা অসম কৃষি বিশ্ববিদ্যালয় চীফ লাইব্ৰেৰীয়ান ড: চন্দন হাজৰিকাক ২০২২ বৰ্ষৰ সন্মানীয় ফেল সন্মান প্ৰদান কৰিছে ।

মণিপুৰৰ ইম্ফলত ১১ আৰু ১২ নবেম্বৰত অনুষ্ঠিত ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাৰ ৮২ সংখ্যক অধিবেশনত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শেখাৱতে ড: হাজৰিকাক এই সন্মান প্ৰদান কৰে । উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমবাৰৰ বাবে ড: হাজৰিকাই এই সন্মান লাভ কৰিছে ।আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি অৰ্থনীতি বিভাগৰ মুৰব্বী ড: নিবেদিতা ডেকা আৰু সহকাৰী অধ্যাপিকা ড: উদেষ্ণা তালুকদাৰৰ ” ফ্লাড মেনেজমেন্ট ষ্ট্ৰেটেজিচ এণ্ড ইকনমিক্স অৱ ষ্ট্ৰেচ টলাৰেণ্ট ৰাইচ ভেৰাইটিছ ইন আচাম'” শীৰ্ষক গৱেষণা পত্ৰখন শ্ৰেষ্ঠ গৱেষণা পত্ৰ হিচাপে বিবেচিত হয় ।

বিশ্ববিদ্যালয়ৰ গৱেষক শিক্ষাৰ্থী নিহাৰিকা বৰবৰুৱা আৰু দীপজ্যোতি ভৰালী শ্ৰেষ্ঠ গৱেষণা পত্ৰ পৰিবেশক পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে ১৯৩৭ চনতে ভাৰতৰ কৃষি অৰ্থনীতিৰ বিকাশৰ বাবে গঠিত
ভাৰতীয় কৃষি অৰ্থনীতি সংস্থাই ইয়াৰ বাৰ্ষিক অধিবেশনত সৰ্বভাৰতীয় পৰ্যায়ত এই সন্মান আৰু পুৰস্কাৰ সমুহ প্ৰদান কৰি আহিছে । ইম্ফলৰ এই অধিৱেশনৰ সন্মান প্ৰদান অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ পূৰ্বৰ উপাচাৰ্য ড: কমল মল্ল বুজৰবৰুৱাৰ লগতে দেশৰ কেবাজনো খ্যাতিসম্পন্ন কৃষি অৰ্থনীতিবিদ উপস্থিত থাকে ।

Leave A Reply