Breaking

মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ডক্টৰ নিৰোদ বৰুৱাক শুভেচ্ছা ড° ডম্বৰুধৰ নাথৰ

0 132

“ মাজুলী সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ বিশ্বমুখী যাত্ৰাই মাজুলীৰ লগতে অসমৰ মান উজ্বলাবঃ ড° ডম্বৰুধৰ নাথ”

পৰম্পৰাগত শিক্ষা প্ৰদানৰ বাবে অসমীয়া পিঠা, মুগা কাপোৰ বোৱা, মুগা পোহা , হস্ততাঁত বস্ত্ৰশিল্প , লোকাচাৰ, আদিৰ ওপৰত অধ্যয়নৰ বাবে নতুন বিষয় যুগুত কৰাৰ মানসেৰে চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে বুলি এই প্ৰতিবেদকক অৱগত কৰে উপচার্য ডম্বৰু নাথে।

এই বিশ্ববিদ্যালয় খনৰ দোপতদোপে উন্নতি সাধন হ’বলৈ হ’লে চৰকাৰৰ সম্পূৰ্ণ সদিচ্ছাৰ আশা কৰিছে৷ প্ৰতিক্ষাৰ অন্তত বুধবাৰে অসমৰ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মূখীয়ে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ দ্বিতীয়গৰাকী উপাচাৰ্য নিযুক্তি দিয়ে । সেই অনুশৰি বৰ্তমানৰ উপাচাৰ্য বুৰঞ্জীবিদ ডঃ ডম্বৰুধৰ নাথৰ স্থলাভিসিক্ত হ’ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰে বুৰঞ্জী বিভাগৰ প্ৰধ্যাপক ডঃ নিৰোদ বৰুৱা ।

২০১৭ চনৰ অক্টোবৰ মাহত সাংস্কৃতিক বিশ্ব বিদ্যালয়ৰ ধাৰণাক সাকাৰ ৰূপ দি তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীক উপহাৰ দিছিল সাংস্কৃতিক বিশ্ববিদ্যালয় খনৰ ৷ বিশ্ব বিদ্যালয় খনৰ প্ৰতিস্থাপক উপাৰ্চায হিচাপে যোগদান কৰিয়ে মাজুলীৰ সন্তান ডম্বৰুধৰ নাথে বিশ্ববিদ্যালয় খন আগুৱাই নিয়াৰ ক্ষেত্ৰত অদ্বিতীয় হিচাপে কাৰ্য সম্পাদন কৰিছিল ৷

উল্লেখ্য বিশ্ববিদ্যালয় খনৰ শিক্ষা পদ্ধতি কেনেকুৱা হ’ব, কি কি বিষয় থাকিব , বিশ্ববিদ্যালয়ৰ আনুসাংগিক তথ্য সমৃদ্ধ বিষয়বস্তু পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আজি চাৰিটা বছৰত বিশ্ববিদ্যালয়ৰ কাম বহুখিনি আগবঢ়াই নিলে মত প্ৰকাশ কৰে ৷ উপাৰ্চয জনে বিশ্ববিদ্যালয় খনক জাকত-জিলিকা কৰি তুলিবলৈ চৰকাৰলৈ আহ্বান জনায়। তেঁও ২০২১ বৰ্ষত শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ কথা উল্লেখ কৰি কয় বিশ্ববিদ্যালয় খনত তিনিটা বিষয়ৰ ডিপ্লমা আৰু দুটা বিষয়ৰ নিয়মীয়া শ্ৰেণীৰ আৰম্ভ কৰা হৈছিল ৷ তেও কয় বিভিন্ন ভাষা , সাঁচিপতীয়া পুঠি , জনজাতিয় ভাষাক কেন্দ্ৰ কৰি পাঠদান আৰম্ভ হৈছিল , ইতিহাস ঐতিহ্য সংৰক্ষণ আৰু অনুধাৱন , মুখাশিল্প আৰু ভাস্কৰ্য আদিৰ পাঠদান। আজি এই প্ৰতিবেদকৰ আগত তেওঁৰ চাৰেতিনিবছৰীয়া পৰিক্ৰমাত পোৱা তিতা-মিঠা সকলো বিবৰি কৈ বিশ্ববিদ্যালয় খনৰ বিশ্বমুখি যাত্ৰৰ প্ৰথম জন গুৰিয়াল হ’বলৈ পায় গৌৰৱ অনুভৱ কৰাৰ সমান্তৰালভাৱে শৈক্ষিকেই হওক সামগ্ৰিকেই হওক বহুখিনি দিশত

Leave A Reply