Breaking

ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰৰ এমাহপূৰ্তি : বঙাইগাঁৱত দলৰ মুখপাত্ৰ মনোজ বৰুৱাই সংবাদলত দাঙি ধৰিলে সফলতাৰ খতিয়ান

0 2,082

এমাহতে এখন চৰকাৰৰ কাম- কাজ সন্দৰ্ভত এটা স্পষ্ট আৰু স্বচ্চ ধাৰণা ল’ব পৰাকৈ সকলোখিনি সামগ্ৰীক আন্তঃ গাঁথনি সন্পূৰ্ণ কৰাতো সম্ভৱপৰ নহয় ৷ তৎস্বত্বেও আমি অসম প্ৰদেশ বিজেপিৰ তফৰ পৰা গৌৰাম্বিত যে এইখন চৰকাৰে এমাহতে কিন্তু কিছুমান পদক্ষেপৰ জৰিয়তে এটা সুন্দৰ আৰম্ভণি কৰিবলৈ সক্ষম  হৈছে ৷ এই মন্তব্য অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ তথা অসম ৰাজ্যিক কৃষি বিপণন পৰিষদৰ উপাধ্যক্ষ মনোজ বৰুৱাৰ ৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ অসম চৰকাৰৰ এমাহ কাৰ্যকালৰ সফলতা সম্পৰ্কে প্ৰদেশ বিজেপিৰ তৰফৰ পৰা  খতিয়ান দাঙি ধৰাৰ উদ্দেশ্যে শনিবাৰে বঙাইগাঁও জিলা বিজেপি কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদ মেলত দলটোৰ ৰাজ্যিক মুখপাত্ৰা মৱোজ বৰুৱাই এই মন্তব্য কৰে ৷ বঙাইগাঁও জিলা বিজেপিৰ  সভানেত্ৰী হিমানী অধিকাৰী , উপ সভাপতি কৌস্তৱ কুমাৰ দাস ,  কোষাধ্যক্ষ মদন আগৰৱালা আদি উপস্থিত থকা সংবাদ মেলত প্ৰদেশ বিজেপিৰ মুখপাত্ৰগৰাকীয়ে কয় যে ‘আমি ক’ব বিচৰা নাই যে এই এমাহতে সকলো বিষয় সমাপ্ত হৈছে ৷ এমাহতে সকলো বিষয় সমাপ্ত হোৱাতো সম্ভৱপৰো নহয় ৷ কিন্তু এটা সুন্দৰ আৰম্ভণি কৰিবলৈ চৰকাৰখন সক্ষম হৈছে আৰু তাৰ কাৰণে অসম প্ৰদেশ বিজেপিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰলৈ আন্তৰিক শুভেচ্ছা ,অভিনন্দন আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছো ‘৷  সংবাদ মেলত মুখপাত্ৰ মনোজ বৰুৱাই উল্লেখ কৰি কয় যে এইখন চৰকাৰৰ আগতে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ যিখন চৰকাৰ আছিল সেই মিত্ৰজোঁটৰ চৰকাৰখনে সামগ্ৰিকভাৱে অসমত সকলো ধৰণৰ আন্তঃ গাঁথনি সম্পূৰ্ণ কৰাৰ কাৰণে প্ৰচেষ্টা গ্ৰহণ কৰি এটা সফল কাৰ্যকাল সমাপ্ত কৰিছিল ৷ সেই যি আন্তঃ গাঁথনি তৈয়াৰ কৰিছিল তাৰ পৰিপ্ৰেক্ষিতত যি ইতিবাচক প্ৰেক্ষাপট আৰু ইতিবাচক পৃষ্ঠভূমি সৃষ্টি হৈছিল তাৰ আধাৰত নতুন চৰকাৰখনে যিসমূহ পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ ফলত আগন্তুক দিনত অসমক উন্নয়নৰ এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হ’ব বুলি প্ৰদেশ বিজেপিয়ে অনুভৱ কৰে ৷  মুখপাত্ৰগৰাকীয়ে চৰকাৰখনৰ কোইবাটাও সফলতাৰ দিশ আঙুলিয়াই দি কয় যে আজিৰ সময়ত ক’ভিড- ১৯ জনিত যি এক পৰিৱেশ সমগ্ৰ বিশ্বতে সৃষ্টি হৈছে সেই ক’ভিড ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰতে হওক বা এই গোটেই ক’ভিড ব্যৱস্থাপনাৰ ক্ষেত্ৰতে হওক দেশৰ ভিতৰতে অসমে অন্যতম  সফল ৰাজ্য হিচাপে পৰিগণিত হৈছে ৷ ক’ভিডৰ প্ৰথম ঢৌৰ সময় তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনেও শক্তিশালীভাৱে মোকামিলা কৰিবলৈ সক্ষম হৈছিল ৷ অসমৰ তুলনাত আন উন্নত ৰাজ্যত যি ধৰণৰ ক’ভিডকালীন পৰিৱেশ- পৰিস্থিতিৰ সৃষ্টি হৈছিল তেনে ধৰণৰ অৱনতি নোহোৱাকৈ সামগ্ৰিকভাৱে গোটেই বিষয়টো তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকীৰ নেতৃত্বত মোকামিলা কৰিবলৈ সক্ষম হৈছিল ৷ ঠিক সেইদৰে বৰ্তমান ক’ভিডৰ দ্বিতীয় ঢৌৰ সময়তো দিল্লী ,মুম্বাই আদিৰ দৰে মহানগৰৰ লগতে উন্নত ৰাজ্যসমূহৰ তুলনাত অসমত ক’ভিড সৃষ্ট যিটো পৰিৱেশ সেই ক’ভিড সৃষ্ট পৰিৱেশত কিন্তু অসমৰ জনসাধাৰণে আতংকিত হ’বলগীয়া পৰিৱেশ হোৱা নাই ৷ এয়া হৈছে কেৱল চৰকাৰৰ ক’ভিড ব্যৱস্থাপনাৰ যি নীতি আৰু পৰিকল্পনা তাৰ কাৰ্যকাৰিতাৰ ফলত ৷ বৰ্তমানো ক’ভিডৰ যি দ্বিতীয় ঢৌ চলি আছে তাক এইখন চৰকাৰে বহু পৰিমাণে প্ৰতিহত কৰিবলৈ সক্ষম হৈছে আৰু ব্যৱস্থা গ্ৰহণ কৰিছে ৷ চৰকাৰৰ তৎপৰ পদক্ষেপৰ বাবে অন্যান্য ৰাজ্যত সম্পূৰ্ণ লক ডাউনৰ বিপৰীতে অসমত আংশিক লক ডাউনৰ জৰিয়তে ক’ভিডৰ দ্বিতীয় ঢৌক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ৷ এয়া নিশ্চয়কৈ ভাল খবৰ ৷ অৱশ্যে এয়া কেৱল চৰকাৰী প্ৰচেষ্টাতে যে সম্ভৱ হৈছে সেইটো নহয় ৷ চৰকাৰৰ যিসমূহ নীতি- নিৰ্দেশনা আছে , যি সমূহ স্বাস্থ্য বিভাগৰ নীতি- নিৰ্দেশনা আছে সেই নিৰ্দেশনাসমূহ অসমৰ জনসাধাৰণে মানি চলাৰ লগতে চৰকাৰৰ যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনাৰ যি এক ইতিবাচক দিশ তাৰ ফলত ক’ভিড পৰিস্থিতি উন্নত হৈছে বুলি কৈ চৰকাৰক ইয়াৰ বাবে দলৰ তৰফৰ পৰা ধন্যবাদ জনায় ৷ মুখপাত্ৰ বৰুৱাই এই পৰ্যন্ত ৰাজ্যত ৪৫ লক্ষাধিক লোকক ক’ভিডৰ ভেকচিন প্ৰদান কৰা হৈছে বুলি কৈ গুৱাহাটী মহানগৰীৰ প্ৰায় ৬ লাখ লোকক ভেকচিন দিয়া হৈছে বুলিও উল্লেখ কৰে ৷ মাজতে ভেকচিনৰ উৎপাদন সম্পৰ্কীষ বিষয়ৰ বাবে সমগ্ৰ দেশতে ভেকচিনৰ নাটনি হোৱাতো দৃষ্টিগোচৰ হৈছে ৷ কিন্তু ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে অৱগত কৰিছে যে অহা জুলাই মাহৰ পৰা অসমত দৈনিক ৩ লাখ ৫০ হাজৰজন লোকক ভেকচিন প্ৰদান কৰা হ’ব ৷ অহা ১৫ আগষ্টৰ পূৰ্বে ৰাজ্যখনৰ জনসাধাৰণক প্ৰথম পালি ভেকচিন প্ৰদানৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি কামত আগবাঢ়িছে ৷ আনহাতে ক’ভিড ভেকচিনেচনৰ কাৰণে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই জনসাধাৰণলৈ দান – বৰঙণি বিচাৰি যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সহাৰি জনাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিত ইতিমধ্যে ১১২.৭৮ কোটি টকা সংগৃহীত হৈছে বুলি উল্লেখ কৰে ৷ এই ধনৰ ৫০ কোটি টকাৰে চৰকাৰে ভেকচিন ক্ৰয় কৰিছে যদিও আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ বিনামূলীয়াকৈ ভেকচিন যোগান ধৰিব বুলি কৈছে, সেয়ে এই পুঁজিৰ সদব্যৱহাৰৰ কাৰণে ৰাজ্য চৰকাৰে নিশ্চয় বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ সেইদৰে ৰাজ্য চৰতাৰখনে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ শিশু সেৱা আঁচনিৰ অধীনত ক’ভিডত পিতৃ- মতৃ অথবা উপাৰ্জনকাৰী পিতৃক হেৰুৱা শিশুৰ বাবে প্ৰতি মাহে ৩,৫০০ টকাৰ সাহাৰ্য আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰি আঁচনিখন শুভাৰম্ভ কৰিছে বুলিও কয় ৷  ইয়াৰ উপৰিও ক’ভিডত আক্ৰান্ত হৈ স্বামীক হেৰুৱা বিধবা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ২.৫০ লাখ টকাৰ সাহাৰ্য চৰকাৰে আগবঢ়াব ৷ ক’ভিডৰ সময়ত আন ৰাজ্যত আই চি ইউ আৰু অক্সিজেনৰ নাটনি হোৱা দেখিবলৈ পোৱা গৈছে ৷ কিন্তু অসমত সুন্দৰভাৱে অক্সিজেনৰ যোগান ধৰিবলৈ চৰকাৰখন সক্ষম হৈছে ৷ ইতিমধ্যে ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয় তথা জিলা চিকিৎসালয়সমূহত৷মুঠ ৩৬০ খন আই চি ইউ বিচনা স্থাপন কৰা হৈছে ৷ চিকিৎসা মহাবিদ্যালয় কেইখনত ৫১৫ খন অক্সিজেনযুক্ত বিচনা স্থাপনৰ লগতে অন্যান্য চিকিৎসালয়তো এনে ব্যৱস্থা কৰা হৈছে ৷ সৰু সজাইত ডিলআৰ ডি অৰ দ্বাৰা আৰু জি এম চি এইচৰ পাৰ্কিঙতো আই চি ইউ বিচনা তথা অক্সিজেনযুক্ত বিচনা স্থাপন কৰা হৈছে বুলি উল্লেখ কৰে ৷ ইপিনে সংবাদ মেলত মুখপাত্ৰগৰাকীয়ে কয় যে বিজেপি মিত্ৰজোঁটৰ    চৰকাৰ দ্বিতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি এক  ব্যাপক অভিযান আৰম্ভ কৰিছে ৷ বিগত সময়ছোৱাত বিশেষকৈ বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিচতে  এটা ভাঙি- চিঙি যোৱা আন্তঃ গাঁথনিৰ মাজত কাম কৰিবলগীয়া হৈছিল ৷ আৰক্ষী প্ৰশাসনকে ধৰি সামগ্ৰিক প্ৰশাসনীয় ব্যৱস্থাটোৱেই হওক ইয়াক এটা পৰ্যায়লৈকে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিগত চৰকাৰখনে যথেষ্ট শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিছিল ৷ তাৰ ফলশ্ৰুতিতে আজি এইখন চৰকাৰে এটা শক্তিশালী অভিযান চলাবলৈ সক্ষম হৈছে ৷ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে চলা এই ড্ৰাগছ বিৰোধী অভিযানত ইতিমধ্যে প্ৰায় ৪৫০ টা গোচৰ পঞ্জীয়ন হৈছে আৰু ৭৮৫ জনৰো অধিক ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ কৰা হৈছে  ৷ জব্দ হৈছে প্ৰায় ২৫ কোটি টকাৰ হেৰ’ইন – গাঞ্জা আদি ৷ উদ্ধাৰ হৈছে বহু লাখ নগদ ধন ৷
 আনহাতে এইখন চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ দিশ হ’ল  অ’এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ মুক্তি ৷ তেওঁ কয় যে অসমৰ জনসাধাৰণে দীৰ্ঘদিনৰ পৰা বিচাৰি আহিছে যে আলফাৰ সৈতে চৰকাৰৰ যিটো সংঘাত সেই সংঘাতৰ স্থায়ী সমাধান হওক ৷ ইয়াৰ সমাধান হোৱাৰ এটা ইতিবাচক প্ৰৱণতা অসমৰ জনসাধাৰণে বিগত এমাহত দেখিছে ৷ ইয়াৰ পূৰ্বৰ বিজেপি চৰকাৰখনেও আলফাৰ সৈতে আলোচনা কৰাৰ বাবে বিভিন্ন পৰ্যাত যোগাযোগ অব্যাহত ৰাখিছিল ৷ কিন্তু বিশেষভাৱে বিগত এমাহত ম্যানমাৰত আৱদ্ধ অ’ এন জি চিৰ কৰ্মচাৰী ৰিতুল শইকীয়াৰ যিটো মুক্তি এই মুক্তিৰ পৰিঘটনাটোৱে আলফা আৰু চৰকাৰৰ মাজৰ যিটো দূৰত্ব বা ব্যৱধান সেয়া যথেষ্ট হ্ৰাস কৰাটো পৰিলক্ষিত হৈছে ৷ এয়া অসমৰ জনসাধাৰণক বাবে এটা ইতিবাচক খবৰ  ৷ গতিকে আগন্তুক দিনত এইখন চৰকাৰৰ নেতৃত্বতে এই দীৰ্ঘদিনা সংঘাতৰ স্থায়ী সমাধান কৰিবলৈ সক্ষম হ’ব বুলি ভাবো ৷  
সেইদৰে  এইখন চৰকাৰে যোৱা এমাহৰ ভিতৰতে বিভিন্ন চৰকাৰী ভূমি তথা বনাঞ্চলত চলা অবাধ বেদখলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ৷ পূৰ্বৰ চককাৰৰ দিনতো বেদখলৰ বিৰুদ্ধে উচ্ছেদ চলিছিল আৰু বৰ্তমানৰ চৰকাৰৰ দিনতো চলিছে ৷ ইতিমধ্যে দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰৰৰ শিৱ মন্দিৰৰ ১৮০ বিঘা মাটি , হোজাইৰ কাকীত ২,৫০০ বিঘা মাটি,শোণিতপুৰ জিলাৰ চতিয়াৰ চৰকাৰী ভূমি আৰু কৰিমগঞ্জৰ বনাঞ্চলৰ বৃহৎ ভূমি চৰকাৰে বেদখলমুক্ত কৰিছে ৷ ছিপাঝাৰৰ ধলপুৰত মুখ্যমন্ত্ৰীয়ে নিজে ঘটনাস্থলী পৰিদৰ্শন কৰি শিৱ মন্দিৰৰ উন্নয়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ৷ ছিপাঝাৰৰ গৰুখুটিত ৭৭ হাজাৰ বিঘা চৰকাৰী ভূমিৰ বেদখল উচ্ছেদ কৰি এই ভূমি কৃষি কাৰ্যত ব্যৱহাৰৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে ৷ মুখ্যমন্ত্ৰীয়ে এই ভূমি কৃষি কাৰ্যত ব্যৱহাৰৰ বাবে বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ ,সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় মৃণাল শইকীয়া আৰু ড° পৰমানন্দ ৰাজবংশীক সদস্য আৰু কৃষি বিভাগৰ সচিব বিনোদ শেষাণক সদস্য সচিব হিচাপে লৈ এখন সমিতিও গঠন কৰি দিছে বুলি মুখপাত্ৰগৰাকীয়ে সংবাদ মেলত উল্লেখ কৰে ৷ একেদৰে চৰকাৰে বটদ্ৰৱা সত্ৰক দেশৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু পৰ্যটনৰ এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ ৰূপে গঢ়ি তোলাৰ বাবে চৰকাৰে আঁচনি গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি এই ক্ষেত্ৰত বটদ্ৰৱা সত্ৰলৈ অতিৰিক্তভাৱে ৩৫ বিঘা ভূমি আৱণ্টন দিয়াৰ লগতে প্ৰকল্পৰ খৰতকীয়া ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক প্ৰতি মাহতে বটদ্ৰৱা সত্ৰ ভ্ৰমণ কৰি আঁচনি ৰূপায়ণৰ  অগ্ৰগতিৰ বুজ ল’বলৈ নিৰ্দেশ দিয়া হৈছে বুলি কয় ৷  সংবাদ মেলত মুখপাত্ৰগৰাকীয়ে বৰ্তমান চৰকাৰখনৰ আন উল্লেখনীয় সফলতাৰ ভিতৰত এন আৰ এলত ১২.৩৫ শতাংশৰ পৰা ২৬ শতাংশলৈ ৰাদ্য চৰকাৰৰ অংশ বৃদ্ধি কৰা ,গৰুৰসচোৰাং ব্যৱসায় ৰোধৰ বাবে গ্ৰহণ কৰা কঠোৰ পদক্ষেপ ,মাইক্ৰ’ ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক ঋণমুক্ত কৰাৰ পদক্ষেপ ,চাহ শ্ৰমিকৰসমজুৰি বৃদ্ধি ,প্ৰতি সপ্তাহত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ সিদ্ধান্ত , কৃতি ব্যক্তিলৈ অসম ৰত্ন বঁটা ,অসম বিভূষণ বঁটা ,অসম ভূষণ বঁটা আৰু অসমশ্ৰী বঁটা আগবঢ়োৱাৰ সিদ্ধান্ত ,সাহিত্যিক – ক্ৰীড়া আৰু শিল্পী পেঞ্চন আগবঢ়োৱাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ, অভিযান্ত্ৰিক নিযুক্তি সেৱা ব’ৰ্ড  গঠন , কোকৰাঝাৰত প্ৰশৈসনীয় পদাধিকাৰী মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত ,বড়োলেণ্ড কল্যাণ বিভাগ গঠন ,ৰাইমনা আৰু দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা ,প্ৰশাসনক সন্তুলিত আৰু অধিক গতিশীল কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্ত আদিৰ বিষয়েও উল্লেখ কৰে ৷ মুখপাত্ৰগৰাকীয়ে শেষত পুনৰ কয় যে এটা মাহতে সকলো দিশ সামৰি বা সকলোবোৰ বিষয় সামৰি পদক্ষেপ গ্ৰহণ কৰি এটা দেখিব পৰা অৱস্থা ( ভিজিবিলিটি) অনাটো হয়তো সম্ভৱপৰ নহয় ৷ তৎস্বত্বেও এইখন চৰকাৰে এমাৰ ভিতৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে আৰু তালৈ চাই আগলৈ কাম কৰিব বুলি আশা কৰিছো ৷ সেয়ে আগন্তুক পাঁচটা বছৰত চৰকাৰখনে যিখিনি কাম কৰিব ইয়াৰ জৰিয়তে চৰকাৰে এটা ইতিবাচক আৰম্ভণি কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে চৰকাৰৰ অংশীদাৰী সকলোকে মুখপাত্ৰ বৰুৱাই প্ৰদেশ বিজেপিৰ তৰফৰ পৰা এমাহপূৰ্তি উপলক্ষে শুভেচ্ছা, অভিনন্দন আৰু কৃতজ্ঞতা জনায় ৷ ইপিনে সংবাদ মেলত মূল্যবৃদ্ধি , কাগজ কল আদি বিষয়সমূহ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত মুখপাত্ৰগৰাকীয়ে কয় যে তেওঁ চৰকাৰক প্ৰতিনিধিত্ব কৰা নাই ৷ দলকে প্ৰতিনিধিত্ব কৰিছে ৷ গতিকে এই সন্দৰ্ভত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে ৷ 

Leave A Reply