Breaking

শিৱসাগৰত ডঃ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা প্ৰদান: দেশ বিভাজনৰ বিৰোধীতা কৰি মৃত্যু বৰণ কৰা অসম হিতৈষী গৰাকীৰ মৃত্যুৰ ৰহস্য আজিও নপৰিল ওৰ- দিগন্ত বিশ্ব শৰ্মা

0 112

অৰুণোদয় সাহিত্য সভা আৰু ময়িদুল ইছলাম বড়া স্মৃৰ্তি ৰক্ষা সমিতিয়ে আগবঢ়োৱা ২০২২ বৰ্ষৰ ডঃ ময়িদুল ইছলাম বড়া সাহিত্য বঁটা আজি শিৱসাগৰ ছোৱালী কলেজত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক, অনুবাদক, সাহিত্য অকাডেমী বঁটা প্ৰাপক দিগন্ত বিশ্ব শৰ্মাই। এই বঁটা গ্ৰহণ কৰি শৰ্মাই কয় যে- পদ্ধতিগত ভাৱে গৱেষণা কৰি বিলাতৰ পৰা ডক্টৰেট উপাধি লাভ কৰা তথা অসম সাহিত্য সভাৰ সৰ্বকণিষ্ঠ সভাপতি আৰু প্ৰথম গৰাকী অসমীয়া উপাচাৰ্য্য প্ৰাচ্য তত্ববিদ ময়িদুল ইছলাম বড়া আছিল অখণ্ড ভাৰতৰ প্ৰৱক্তা ৷গান্ধীবাদী আদৰ্শৰে অনুপ্ৰাণিত এই অসম হিতৈষী গৰাকীয়ে ঢ়াকা বিশ্ব বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাচাৰ্য্য হিচাবে থকাৰ সময়তেই উমান পাইছিল মুছলিম লীগৰ “পাকিস্থান” গঠনৰ গোপন অভিসন্ধিৰ কথা ৷

১৯৪৪ চনত লক্ষ্ণৌত অনুষ্ঠিত ভাৰতীয় ইতিহাস সন্মিলনত মুছলিম লীগৰ নেতা মহম্মদ আলি জিন্নাৰ দ্বি জাতি তত্বৰ গোপন ষড়যন্ত্ৰ ফাদিল প্ৰস্তাৱিত পাকিস্থান ৰাষ্ট্ৰ গঠনৰ ঘোৰ বিৰোধীতা কৰাৰ পাছতেই ময়িদুল ইছলাম বড়াক এগিলাছ বিষযুক্ত গাখীৰ খোৱাই হত্যা কৰা হৈছিল বুলি দিগন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷অতি কম দিনৰ ভিতৰতেই আমাৰ মাজৰ পৰা মেলানি মগা এই গৰাকী দেশ প্ৰেমিকে মাত্ৰ ৩৯ বছৰ বয়সতেই অসম সাহিত্য সভাৰ যোৰহাট অধিবেশনৰ সভাপতিৰ আসণত বহি উল্লেখ কৰিছিল— হিন্দু আৰু মুছলমান ভাৰতৰ সন্তান, আমি একেলগে আছো আৰু থাকিম। আমাৰ মাজত সাম্প্ৰদায়িক শক্তিৰ কোনো স্থান নাই ৷স্বদেশ প্ৰেম কোনো জাতি, ধৰ্ম অথবা বৰ্ণৰ একচেটিয়া সম্পতি নহয় বুলি ১৯৪০ চনতেই ডঃ ময়িদুল ইছলাম বড়াই সকিয়নি দি গৈছিল ৷এই গৰাকী পণ্ডিতে পাৰ্চীৰ দৰে বিদেশী ভাষাৰ পৰা আন এটা বিদেশী ভাষা ইংৰাজীলৈ অনুবাদ কৰিছিল বংগ,বিহাৰ, উৰিষ্যা, অসম আৰু কোচ বিহাৰৰ ওপৰত হোৱা মোগল আক্ৰমণৰ জীৱন্ত দলিল ” বাহাৰিষ্টান – ই— গায়েবি ৷নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলক বিদ্যায়তনিক দিশত আগুৱাই নিয়াৰ অৰ্থে তেখেতে অসম ছাত্ৰ সন্মিলনৰো সভাপতি হিচাবে অসমত বিশ্ব বিদ্যালয় স্থাপনৰো গুৰুত্বপুৰ্ণ পৰামৰ্শ আগবঢ়াই গৈছে ৷তেনে এগৰাকী অখণ্ড ভাৰতৰ প্ৰৱক্তাক সাম্প্ৰদায়িক শক্তিয়ে হত্যা কৰিছিল ৷কেৱল বিদ্যায়তনিক দিশতেই নহয়, ৰাজনৈতিক দৃষ্টি ভংগীৰ ফালৰ পৰাও এই অসম হিতৈষী জনৰ কৰুণ মৃত্যুৰ ৰহস্য উদঘাটনৰ বাবে যথাযোগ্য গৱেষণাৰ প্ৰয়োজন বুলি দিগন্ত বিশ্ব শৰ্মাই গুৰুত্বপুৰ্ণ মন্তৰ্ব্য কৰে ৷ স্মৃৰ্তি ৰক্ষা সমিতিৰ সভাপতি প্ৰেম গগৈৰ পৌৰহিত্যত অনুস্থিত এই বঁটা প্ৰদাণ অনুস্থানত দিগন্ত বিশ্ব শৰ্মাক সাহিত্য বঁটা প্ৰদাণ কৰি ৰাজ্য সভাৰ সাংসদ


সাংসদ কামাখ্য তাচাই পৰ্য্যপ্ত মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী থকাৰ পিছতো বিদ্যায়তনিক দিশত ৰাজ্যখন আগুৱাই নিৱ নোৱাৰাতো দুৰ্ভাগ্যজনক বুলি কয় ৷এটা জাতি কেতিয়াও আৱেগত জীয়াই নাথাকে ৷আৱেগৰ পৰিৱৰ্তে সকলোৱে বিবেকৰ দ্বাৰা পৰিচালিত হৈ দেশ আৰু ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত নিজকে আত্মোৎসৰ্গা কৰিব লাগিব ৷এখন শিক্ষানুস্থানৰ আন্তঃ গাঠনিয়েই শেষ কথা নহয় ৷শিক্ষানুস্থান খনৰ বিদ্যায়তনিক দিশটোক আমি কি দৰে প্ৰকট কৰি তুলিব সেইটোহে মূল লক্ষ্য হব লাগিব ৷বৰ্তমান সময়ত ইংৰাজী ভাষাৰ বহুল প্ৰচাৰ আৰু বৰ্তমানৰ চৰকাৰ খনে ইংৰাজী ভাষাৰ ব্যৱহাৰ সন্দৰ্ভতো সাংসদ গৰাকীয়ে কেতবোৰ গুৰুত্বপুৰ্ণ মন্তৰ্ব্য কৰে ৷সন্মানীয় অতিথিৰ ভাষণত ৰাজহ, দূৰ্য্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে ময়িদুল ইছলাম বড়াই পৰাধীন বৰ অসমৰ প্ৰথম গৰাকী ডক্টৰেট আৰু উপাচাৰ্য্য আছিল ৷প্ৰচুৰ মেধা সম্পন্ন এই অসম সন্তান গৰাকী সম্পৰ্কত অসমৰ নৱ প্ৰজন্ম একেবাৰে অজ্ঞ ৷ময়িদুল ইছলাম বড়াই কম দিনৰ ভিতৰতেই বহু মূল্যবান প্ৰৱন্ধ, কবিতা আৰু ছাত্ৰ ছাত্ৰীৰ উপযোগিকৈ ইংৰাজী পুথি ৰচনা কৰি ভাষা সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই গৈছে ৷

ইতিহাসৰ ছাত্ৰই ময়িদুল ইছলাম বড়াৰ জীৱন আৰু কৰ্মৰ ওপৰত অধিক গৱেষণা কৰাৰ প্ৰয়োজন আছে বুলি যোগেন মহনে মন্তৰ্ব্য কৰে ৷ছোৱালী মহাবিদ্যালয়ৰ প্ৰৱক্তা প্ৰবীন শৰ্মাই অনুস্থানৰ তাৎপৰ্য্য বাখ্যা কৰাৰ পুৰ্বে ময়িদুল ইছলাম বড়াৰ চমু জীৱনালেখ্য প্ৰজেক্টৰৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় ৷এই সভাত লিখক চামচুল বাৰিকে এটা গীত পৰিৱেশন কৰাৰ লগতে জিকিৰ সাধক কেৰিমুদ্দিন আহমেদ স্মৃৰ্তি জিকিৰ দলে দেহবিচাৰ গীত পৰিৱেশনেৰে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে এই বঁটা প্ৰদাণ অনুস্থান উদ্বোধন কৰে ৷এই বঁটা প্ৰদাণ অনুস্থানত গড়গাওঁ মহাবিদ্যালয়ৰ অধক্ষ তথা বিশিষ্ট নিৱন্ধকাৰ ডঃ সব্যসাচী মহন্ত, জিলা তথ্য আৰু জনসংযোগ বিষয়া জয়ন্ত মাউত, নামতি পিয়লি ফুকন মহাবিদ্যালয়ৰ অধক্ষ ডঃ ধ্ৰুৱজ্যোতি নাথ, ছোৱালী মহাবিদ্যালয়ৰ অধক্ষা ডঃৰীতা বৰকটকী ,প্ৰাক্তন অধক্ষ্য ডঃ প্ৰকাশ কটকী আৰু সমাজসেৱিকা সুৰভী ৰাজকুমাৰীৰ লগতে বহু গণ্য মাণ্য বিশিষ্ট ব্যক্তি কেইবাখনো শিক্ষানুস্থানৰ ছাত্ৰ ছাত্ৰী সকল উপস্থিত থাকে ৷

Leave A Reply