Breaking

ডিব্ৰুগড়ত ড৹ নগেন শইকীয়াৰ জন্মদিন উদযাপন

0 51

৮৫ বছৰত ভৰি দিলে প্ৰথিতযথা সাহিত্যিক তথা বিশিষ্ট শিক্ষাবিদ, চিন্তাবিদ, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়াই। ওপজা দিনটোত গুণমুগ্ধৰে ভৰি পৰিল বৰেণ্য সাহিত্যিক ড৹ নগেন শইকীয়াৰ আৱাস বৰ্ণমালা। নিজ কালজয়ী সৃষ্টিৰে হেজাৰ হেজাৰ জনৰ বুকুত সাজ বহুৱাই প্ৰিয় হৈ পৰা সাহিত্যক গৰাকীক জাপি, গামোচা, উপহাৰৰ টোপোলাৰে একাজলি শ্ৰদ্ধা, মৰম আৰু শুভকামনা জনাই পুৱাৰ পৰাই ডিব্ৰুগড়স্থিত “বৰ্ণমালা”ত গুণমুগ্ধৰ ভিৰ দেখা গ’ল।

গুণমুগ্ধ আৰু পৰিয়ালৰ সৈতে কেক কাটি ৮৫ জন্মদিন পালন কৰিলে ড০ শইকীয়াই। উল্লেখ্য যে বৰ্তমানত ধৰ্ম, ভাষা, সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা বিভেদে আমাক পথভ্রষ্ট কৰা বুলি পুনৰ এবাৰ আক্ষেপ প্ৰকাশ কৰি,ব্যক্তিগত স্বাৰ্থই সামাজিক স্বাৰ্থ আৰু সাৰ্বজনীন স্বাৰ্থৰ ওপৰত যাতে আঘাত কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ হ’বলৈ ওপজা দিনটোত সমাজলৈ আহ্বান সাহিত্যিক গৰাকীৰ।মূল্যবোধৰ অৱক্ষয়ৰ ওপৰতো প্ৰতিক্ৰিয়া সাহিত্যিক গৰাকীৰ।

লগতে কয় “প্ৰথমে মোৰ ৰাজ্যখন,দ্বিতীয়তে মোৰ ৰাষ্ট্ৰখন তৃতীয়তে সাৰ্বজনীন মানুহৰ মঙ্গলৰ কাৰণে কৰিব পৰা কাম মই জীয়াই থকা লৈকে এই তিনিটা বস্তুৰ ওপৰত কথা ক’বলৈ, লিখিবলৈ যত্ন কৰি যাম।“ -নিজৰ ওপজা দিনটোত এই পণৰ কথা প্ৰকাশ কৰিলে,লগতে তেখেতৰ আহিবলগীয়া দুখন গ্ৰন্থৰ কথাও উল্লেখ কৰে স্বনামধন্য সাহিত্যিক ড০ নগেন শইকীয়াই।

আনহাতে ড৹ নগেন শইকীয়াৰ ওপজা দিনটোত অধ্যাপক সাৰস্বত ন্যাস পৰিষদৰ উদ্যোগত আজি শ্ৰীভাৰতী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ড৹ নগেন শইকীয়াৰ ৮৫ সংখ্যক জন্মদিন ৰাজহুৱাকৈ পালন কৰি মিতভাষ দিৱস উদযাপন কৰে।

Leave A Reply