ক’ভিড -১৯ত পিতৃ-মাতৃহাৰা তিনিগৰাকী ছোৱালীক সাক্ষাৎ ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ

ক’ভিড – ১৯ ত আক্রান্ত হৈ অকালতে মৃত্যু ঘটা ছিপাঝাৰ সমষ্টিৰ উপৰ কুৰুৱাৰ প্ৰয়াত দম্পতী নূপুৰ দাস আৰু দীপালী দেৱীৰ ঘৰত উপস্থিত হৈ পিতৃ-মাতৃহাৰা তিনিগৰাকী ছোৱালীক সাক্ষাৎ কৰি দুখৰ সমভাগী হ’ল ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী। চৰকাৰে প্ৰদান কৰা আঁচনিৰ ধন সঠিক সময়ত পোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে বিধায়কজনে।

আজিৰ দিনটোত কুৰুৱা বাজনা পথাৰ গাঁও পঞ্চায়তত এক পৰ্যালোচনা সভা অনুষ্ঠিত কৰি বিভিন্ন সমস্যাৰ বুজ ল’লে ড০ ৰাজবংশীয়ে। আজিৰ এই সময়ছোৱাত বিধায়কগৰাকীৰ সৈতে উপস্থিত থাকে ছিপাঝাৰ আৰু পাথৰিঘাট দুয়োটা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াদ্বয়। খণ্ড উন্নয়ন বিষয়া , ছিপাঝাৰ আৰু সাংস্কৃতিক মহাসভা , অসমৰ সভাপতি পৱিত্ৰ কুমাৰ শৰ্মা ।

Related Articles