Breaking

দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ বিশিষ্ট সমাজকৰ্মী ডাঃ প্ৰবীন কুমাৰ কোঁৱৰৰ : সাংসদৰ ভূমিকাত ক্ষুণ্ণ সমষ্টিবাসী

0 65

নাজিৰা

 ক’ৰ’ণা ভাইৰাছ তথা ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা দীৰ্ঘদিনীয়া লকডাউনৰ ফলত দেশ তথা ৰাজ্যৰ দৈনিক উপাৰ্জন কৰি পৰিয়াল পোহপাল দিয়া পৰিয়ালসমূহৰ পানীত হাঁহ নচৰা এক অৱস্হাৰ সৃষ্টি হৈছে। চৰকাৰ তথা বিভিন্ন সামাজিক সংগঠন আৰু একাংশ মানৱদৰদী লোকে এই পৰিয়ালবোৰক কিছু খাদ্য সামগ্ৰী যোগান ধৰিছে যদিও সকলো পৰিয়ালৰ বাবে সেয়া পৰ্যাপ্ত নহয় বা বহু পৰিয়াল এনে সাহায্যৰ পৰা বঞ্চিত হৈ আছে। ইফালে এনে এক সময়তে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হয়। যাৰ বাবে ইছলাম ধৰ্মাৱলম্বী বহু দৰিদ্ৰ পৰিয়ালে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। এনে সময়তে ইছলাম ধৰ্মাৱলম্বী এই দৰিদ্ৰ পৰিয়ালসনূহৰ ভিতৰৰ পৰা কেইটামান দৰিদ্ৰ পৰিয়ালক কিছু ৰোজাৰ খাদ্য সামগ্ৰী যোগান ধৰি পৰিয়ালকেইটাক সহায় কৰিবলৈ আগবাঢ়ি আহিল নাজিৰা মহকুমাৰ বিশিষ্ট সমাজকৰ্মী তথা শিমলুগুৰিৰ বাসিন্দা ডাঃ প্ৰবীন কুমাৰ কোঁৱৰ৷ সমাজকৰ্মীজনে এই পৰিয়ালকেইটিৰ মাজত দাইল, আলু, পিঁয়াজ, খেজুৰ, বুট, আপেল, চেৱৈ আৰু এটুকুৰা ডেটল  চাবোন প্ৰদান কৰে। উল্লেখ্য যে নাজিৰাৰ সাংবাদিক নেকীব আহমেদৰ অনুৰোধ মৰ্মে বিশিষ্ট সমাজকৰ্মী ডাঃ প্ৰবীন কুমাৰ কোঁৱৰে ৰমজানৰ পূৰ্বে কেইবাটাও দৰিদ্ৰ পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰিছিল।নাজিৰাৰ ৰাইজে সমাজকৰ্মীজনৰ এনে মহানুভৱতাক শলাগ লোৱাৰ বিপৰীতে দৰিদ্ৰ পৰিয়ালসনূহৰ এনে সংকটকালৰ সময়ত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী তপন কুমাৰ গগৈয়ে নিৰাপদ দূৰত্বত অৱস্হান কৰাৰ অভিযোগ উঠিছে। 

Leave A Reply