Breaking

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ৭৭তম প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত উপস্থিত শিক্ষা মুন্ত্ৰী ডাঃ ৰনেজ পেগু

0 1,567

ধুবুৰীত উপস্থিত শিক্ষা মুন্ত্ৰী ডাঃ ৰনেজ পিগু। ঐতিহাসিক ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ ৭৭তম প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত অসম চৰকাৰৰ শিক্ষা মুন্ত্ৰী ডাঃ ৰনেজ পেগুয়ে ভোলানাথ মহাবিদ্যালয়ৰ পৰিয়াল বৰ্গৰ সৈতে এক অন্তৰংগ আলাপ অনুষ্ঠানত অংশ গ্ৰহন কৰে।

ইয়াৰ পিছত ভোলানাথ মহাবিদ্যালয়ৰ পৰিয়াল বৰ্গৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে শিক্ষামুন্ত্ৰী গৰাকীক উষ্ম আদৰনি জনোৱাৰ পিছত বি,এন কলেজৰ সভা কক্ষত অন্তৰংগ আলাপ অনুষ্ঠানত মুন্ত্ৰী গৰাকীয়ে ভোলানাথ মহাবিদ্যালয়ৰ আন্তঃগাথনি আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ বাবে মহাবিদ্যালয়খনৰ পৰিয়াল বৰ্গক আহব্বান জনায়। ইয়াৰ পিছত মহাবিদ্যালয়খনৰ চাৰিওফালে পৰিদৰ্শন কৰি উন্নয়নমুলক কাম কাজৰ বুজ লয়।

আজিৰ এই অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত থাকে ধুবুৰী জিলা উপায়ুক্ত আনম্বা মুথন এম,পি, গোলকগঞ্জ সমষ্টিৰ প্ৰাক্তন বিধায়ক অশ্বনী কুমাৰ ৰায়, ধুবুৰী পৌৰসভাৰ পৌৰপতি ডঃ দেবময় সান্নালকে ধৰি বি,এন,কলেজৰ পৰিয়াল বৰ্গই।


Leave A Reply