Breaking

পাভৈ ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়াৰ আদ্যশ্ৰাদ্ধত ড° সমুজ্জল কুমাৰ ভট্টচাৰ্য

0 100

পাভৈ

উদীয়মান যুৱ নেতা তথা পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ শইকীয়াৰ আদ্যশ্ৰাদ্ধ গৃহত বুধবাৰে উপস্থিত হয় আছুৰ নেতৃত্ব। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ লগতে প্ৰায় ১০ গৰাকী আছুৰ শীৰ্ষস্থানীয় নেতৃত্ব প্ৰয়াত ছাত্ৰ নেতাগৰাকীৰ পাভৈ হাতীশালস্থিত বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সাংবাদিকৰ আগত মন্তব্য কৰে যে মানৱীয় ধৰ্ম পালন কৰিবলৈ গৈ অকাল মৃত্যুক সাৱটি লোৱা অভিজিত শইকীয়াৰ পৰিয়ালৰ লগতে আছু সদায় সাৰথি হৈ থাকিব। আনহাতে আছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপাংক কুমাৰ নাথে অভিজিৎ শইকীয়াৰ পৰিয়ালক সমবেদনা জনাই কয় যে অভিজিৎ এজন সুদক্ষ আৰু মেধাসম্পন্ন যুৱক আছিল৷ অভিজিতৰ কৰ্মৰাজিক জীয়াই ৰাখিব লাগিব বুলি উল্লেখ কৰি আছুৰ কেন্দ্ৰীয় সভাপতিগৰাকীয়ে ছাত্ৰ সন্থাৰ মজিয়াত অভিজিতৰ পৰিয়ালটিৰ প্ৰতি এক বিশেষ স্থান সদায় থাকিব বুলিও মন্তব্য কৰে। উল্লেখযোগ্য যে যোৱা ২৩ এপ্ৰিলত বিশ্বনাথ জিলাৰ অসম-অৰুণাচল সীমান্তবৰ্তী তিনিসুঁতি, ফুলবাৰী, জিৎপুৰ, বলোদঙা আদি অঞ্চলৰ ৰাইজৰ মাজত লকডাউনৰ সময়ত সাহায্য সামগ্ৰী বিতৰণ কৰি উভতি অহাৰ পথত নপমুৱা-মিজিকাৰ সমীপত দুৰ্ঘটনাত পতিত হৈ ২৭ এপ্ৰিলৰ বিয়লি ছাত্ৰ নেতাগৰাকীয়ে দিছপুৰৰ জিএনআৰচি চিকিৎসালয়ত মৃত্যুৰে যুঁজি শেষ নিশ্বাস ত্যাগ কৰিছিল। বুধবাৰৰ শ্ৰদ্ধাঞ্জলি অনষ্ঠানত আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাস, সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞা, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৃদুল হাজৰিকা, নিতুল বৰা, পৰিস্মিতা বৰা, সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ধ্ৰুৱজ্যোতি বৰা, সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ভাৰত দাস, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথ, সাধাৰণ সম্পাদক মনোজ দাসৰ লগতে বিশ্বনাথ জিলাৰ বহুকেইটা দল সংগঠনৰ নেতৃত্ব উপস্থিত থাকে।

Leave A Reply