Breaking

ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত উজ্জ্বলিল আমিনগাঁওৰ ড্ৰেগন একাডেমী

0 59

সদ্য সমাপ্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত উজলিছে আমিন গাঁৱৰ ড্ৰেগন একাডেমীৰ বিদ্যাৰ্থী।

পঞ্জাবত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ থাইবস্কিং প্ৰতিযোগিতাত আমিনগাঁৱৰ খেলুৱৈয়ে সোণৰ পদকৰ লগতে লাভ কৰিলে ৰাষ্ট্ৰীয় পদক।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ থাইবক্সিঙত প্ৰতিযোগিতাত ১১ পদক লাভেৰে ৰাজ্যলৈ সন্মান কঢ়িয়াই অনিলে। একেদৰে গোলাঘাটত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ খেলৰ কুম্ফু আৰু থাইবক্সিঙত ড্ৰেগন একাডেমীয়ে সুখ্যাতিৰে পদক দখল কৰে।

ইফালে সঞ্জয় মাহাতোৰ নেতৃত্বত ড্ৰেগন একাডেমীয়ে আজাৰাত জিলা পৰ্যায়ৰ খেলত পাঁচটা সোণৰ পদকৰ লগতে শ্ৰেষ্ঠ দলৰ খিতাপ দখল কৰে।

আমিন গাঁৱৰ অগ্ৰণী ক্ৰীড়া সংগঠক ড্ৰেগন কুম্ফু একাডেমীৰ এই ধাৰাবাহিক সফলতাত উৎফুল্লিত আমিন গাঁওবাসী।

Leave A Reply