Breaking

দুমৗৰ নাট্যগোষ্ঠীৰ সৌজন্যত গোগামুখত নাট কৰ্মশালা

0 2,063

বৰেণ্য শিল্পী-সাহিত্যিক অই আপ্পুন শিল্পী গণেশ পেগুৰ সোঁৱৰণত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত দুমৗৰ নাট্য গোষ্ঠীৰ উদ্যোগত মিচিং দৃৰবৃ কৗবাং আৰু টাকাম মিচিং পৰিণ কৗবাং গোগামুখ আঞ্চলিকৰ সযোগত আজিৰে পৰা ১৫ অক্টোবৰলৈ এমহীয়া নাট কর্মশালা আয়োজন কৰা হৈছে ৷ গোগামুখৰ আবতানি লত্তাত আয়োজন কৰা এই এমহীয়া নাট কর্মশালাা উদ্ধোধনী অনুষ্ঠানটো আজি দুপৰীয়া মিচিং স্বায়ত্তশাসিত পৰিষদৰ গোগামুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগুৰ সভাপতিত্বত অনুষ্ঠিত হয়। উদ্ধোধনী সভাত কর্মশালাৰ শিবিৰ উদ্ধোধন কৰে পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰশান্ত কুমাৰ বড়িয়ে । উদ্বোধনী অনুষ্ঠানত তেওঁ প্ৰয়াত শিল্পী অই আপ্পুন গণেশ পেগুৰ বিশাল কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰে ৷ ভাষণ প্ৰসংগত তেওঁ সংস্কৃতিয়ে দুস্কৃতিক বিনাশ কৰি এখন সুন্দৰ, সুস্থ-সবল সমাজ গঢ়ে বুলি উল্লেখ কৰাৰ লগতে সংস্কৃতিয়ে নৱপ্ৰজন্মৰ মাজত ন ন চিন্তাৰ উন্মেষ আনে বুলি দোহাৰে ৷

অই আপ্পুন শিল্পী গণেশ পেগুৰ প্ৰতিছবিত মাল্যৰ্পণ কৰে মিচিং সাংস্কৃতিক সাধক, শিল্পী একলব্য গামে। কৰ্মশালা উদ্ধোধন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ বিশেষ কৰ্মৰত বিষয়া ডাঃ অনিল কুমাৰ পেগুৱে ৷ এই এমহীয়া নাট কর্মশালাৰ সঞ্চালক হিচাপে থাকিব ৰাষ্ট্ৰীয় পর্যায়ৰ নাট পৰিচালক, নাট্যকাৰ দয়াল কৃষ্ণ নাথে ৷ সহযোগী হিচাপে থাকিব মধ্যপ্ৰদেশ নাট্য বিদ্যালয়ৰ স্নাতক ৰবি বার্মা ৷ অসমৰ ডিব্ৰুগড়,যোৰহাট, মাজুলী, শিৱসাগৰ, তেজপুৰ, লখিমপুৰ আদিৰ পৰা অহা ১৭১ প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰা এই কর্মশালাত প্ৰশিক্ষক হিচাপে পাঠদান কৰিব ক্ৰমে-পাটনাৰ সত্য প্ৰকাশ, কলিকতাৰ বৰুণ কৌৰ, ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ভাস্কৰ বৰুৱা, মানস প্ৰতীম নেওগ, বেনু পাটোৱাৰী, নাট পৰিচালক কুশল ডেকা, ত্ৰিপুৰাৰ বিদ্যূৎ জিং চক্ৰৱতীয়ে। আজিৰ অনুষ্ঠানত উপস্থিত থাকে মিচিং আগম কৗবাঙৰ সচিব ডিম্বেশ্বৰ দলে, প্ৰাক্তন সচিব কালিনাথ পাংগিং, সংগীত শিল্পী সবিতা কাৰ্দং, কবি, নাট্যকাৰ, প্ৰৱন্ধাৰ জয়প্ৰকাশ পেগু. নাট্যকাৰ-পৰিচালক দীবাকৰ পেগু. অভিনেত্ৰী নয়নতৰা ছায়েঙ্গীয়া, টি এম পি কেৰ ধেমাজি জিলা সমিতিৰ সভাপতি হৰিচন্দ্ৰ কামান আৰু দুমৗৰ নাট্যগোষ্ঠীৰ কলা-কুশলী সকল ৷ অনুষ্ঠানটো আঁত ধৰে দুমৗৰ নাট্যগোষ্ঠীৰ সম্পাদক ভৱেশ মেদকে ৷

Leave A Reply