Breaking

চিকিৎসা সেৱাৰ লগতে সাহিত্য চৰ্চাত ব্ৰতী টিংখাঙৰ বিশিষ্ট চিকিৎসক ডা°অতুল বৰগোঁহাই।

0 2,480

ধোদৰ আলি ১৬৮৭ চনত নিৰ্মাণ কৰা অসমৰ এক ঐতিহাসিক পথ।স্বৰ্গদেউ গদাধৰ সিংহই ৰাজ্যৰ ধোদ তথা এলেহুৱা লোকৰ দ্বাৰাই নিৰ্মাণ কৰাইছিল বুলি প্ৰবাদ আছে।উজনি অসমৰ বৰ্তমান ডিব্ৰুগড় জিলাৰ জয়পুৰৰ পৰা গোলাঘাট জিলালৈকে থকা অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল আৰু নাগালেণ্ডৰ সীমান্তৱৰ্তী এলেকাৰ পথটোৰ সন্দৰ্ভত প্ৰকাশ পাইছে এখন গ্ৰন্থ।ইতিহাসৰ পম খেদি ধোদৰ আলিয়ে দি নামৰ গ্ৰন্থখন ৰচনা কৰিছে এগৰাকী বিশিষ্ট চিকিৎসক ডা°অতুল বৰগোঁহায়ে।ডিব্ৰুগড় জিলাৰ টিংখাঙৰ সন্তান ডা°অতুল বৰগোঁহায়ে ঐতিহাসিক পটভূমিত ৰচনা কৰা গ্ৰন্থখনৰ লগতে আন কেবাখনো গ্ৰন্থ ৰচনা কৰি পাঠক সমাজৰ পৰা সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।কৰ্মব্যস্ততাৰ মাজতে সাহিত্য চৰ্চা কৰি অহা চিকিৎসকগৰাকীয়ে ধাৰাবাহিকভাৱে গ্ৰন্থ ৰচনা কৰি সাহিত্য ক্ষেত্ৰখনলৈ অতুলনীয় অৱদান আগবঢ়াই আহিছে।বিশেষকৈ ঐতিহাসিক পটভূমি ৰচনা কৰা তথ্য সমৃদ্ধ গ্ৰন্থবোৰে অসমীয়া সাহিত্যত এক সুকীয়া ধাৰাৰ সৃষ্টি কৰা বুলি ক’ব পাৰি।ডা°বৰগোঁহাইৰ ৰচিত গ্ৰন্থই ঐতিহাসিক দিশৰ বহুতো নতুন দিশ উন্মোচিত কৰি আহোম শাসন ব্যৱস্থাৰ সন্দৰ্ভত পাঠক সমাজক আলোড়িত কৰিছে। ডা°বৰগোঁহাইৰ যাত্ৰাৰ পথত নামৰ এখন উপন্যাস ২০১৫-১৬ চনত প্ৰকাশ পাইছে।চিকিৎসকৰ দিনলিপি ২০১৭ চনত প্ৰকাশ পায়।উজনি অসমৰ প্ৰায় বিলাক ঠাইতে চিকিৎসক হিচাপে মানৱ সেৱা আগবঢ়াই অহা ডা°বৰগোঁহাইৰ কাজিৰঙাৰ পৰা গিবনলৈ,শিৰিছ গছৰ ছাঁ,তাহানিৰ কামৰূপ কমতাপুৰ,গোঁহাইকমল আলি আৰু অসম,লাচিত বৰফুকন দ্যা মাইটি জেনেৰেল অৱ মুনডুন চ্যু খাম,ইন পাৰচুইট অৱ হিষ্টী এলং দ্যা ৰ’ড ধোদৰ আলি,ইতিহাসে ৰিঙিয়াই,হেৰুওৱা দিগন্তৰ মায়া আদি নামৰ কেবাখনো গ্ৰন্থ ৰচনা কৰি আছে।এই কেইখন গ্ৰন্থৰ ভিতৰত লাচিত বৰফুকন দ্যা মাইটি জেনেৰেল অৱ মুনডুন চ্যু খাম আৰু ইন পাৰচুইট অৱ হিষ্টী এলং দ্যা ৰ’ড ধোদৰ আলি নামৰ দুয়োখন গ্ৰন্থ ইংৰাজীত লিখি আছে।ডিব্ৰুগড় জিলাৰ টিংখাঙৰ তিনিআলি চাহ বাগিচাত ১৯৫৭ চনত ৰুচিনাথ বৰগোঁহাই আৰু স্বৰ্ণলতা বৰগোঁহাইৰ ঔৰসত জন্ম গ্ৰহণ কৰি ডা°অতুল বৰগোঁহায়ে বাগিচাখনতে থকা প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিছিল।ছাত্ৰাৱস্থাৰে পৰা অধ্যয়নৰ লগতে খেলৰ প্ৰতি বিশেষ ৰাপ আছিল।বিশেষকৈ ফুটবল আৰু বেটমিণ্টনৰ এগৰাকী দুৰ্দান্ত খেলুৱৈ হিচাপ পৰিচিত ডা°অতুল বৰগোঁহায়ে ৰাজ্যৰ কেবাটা ফুটবল দলৰ হৈ প্ৰতিনিধিত্ব কৰি বহুকেইখন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল।১৯৭৩ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফুটবল প্ৰতিযোগিতাত শিৱসাগৰ কলেজ দলৰ হৈ খেলি বিজয়ী হৈছিল।১৯৭৯ চনত কৰ্ণাটকত অনুষ্ঠিত অল ইণ্ডিয়া ইণ্টাৰ মেডিকেল বেডমিণ্টন প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিছিল।একে বছৰতে মণিপুৰৰ ইম্ফলত অনুষ্ঠিত  নৰ্থ ইষ্ট জ’নৰ ইণ্টাৰ মেডিকেল ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। পৰৱৰ্তী১৯৭৫-৮১ চনত ডিব্ৰুগড়ৰ টাউন ক্লাৱৰ হৈ এ টি পি এ শ্বিল্ড,স্বাধীনতা কাপ,উছমান কাপ,জে এন ভূঞা ট্ৰফী আদি ৰাজ্যৰ আগশাৰী প্ৰতিযোগিতাসমূহত অংশ গ্ৰহণ কৰিছিল।ডিব্ৰুগড় অসম মেডিকেল কলেজত শিক্ষা গ্ৰহণ সমাপ্ত কৰি টিংখাঙত ডা°অতুল বৰগোঁহায়ে টিংখাং মেডিকেল নামেৰে চিকিৎসালয় স্থাপন কৰিছিল।আশী দশকৰ মাজৰ সময়ছোৱাত স্থাপন কৰা চিকিৎসালয়খনৰ জৰিয়তে পিছ পৰা গ্ৰামাঞ্চলটোৰ জনসাধাৰণ চিকিৎসা সেৱা আগবঢ়াইছিল।প্ৰায় এক দশক জুৰি অঞ্চলটোত চিকিৎসা সেৱাৰ লগতে বৃহত্তৰ অঞ্চলটোত এক ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলিবলৈ সক্ষম হৈছিল।ডা°বৰগোঁহায়ে অঞ্চলটোৰ টিংখাং মেডিকেল নাম দি এটা ফুটবল দল গঠন কৰি দলটোৰ নেতৃত্ব প্ৰদান কৰিছিল।এই  দলটো অঞ্চলটোৰ প্ৰতিভাবান খেলুৱৈ সকলক লৈ গঠন কৰিছিল।উজনিৰ প্ৰায় প্ৰতিখন জিলাতে দলটোৱে ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা খিতাপ লাভ কৰি আন দল বিলাকৰ বাবে ঈৰ্ষণীয় হৈছিল।এই দলটোৰ কেবাগৰাকী খেলুৱৈয়ে পৰৱৰ্তী পৰ্যায়ত ৰাজ্যিক স্তৰত অনুষ্ঠিত ফুটবল প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।বৰ্তমান টিংখাং চাহ বাগিচাৰ চিকিৎসক ডা°অতুল বৰগোঁহাইক সমাজৰ বিভিন্ন ক্ষেত্ৰত অনবদ্য সেৱা আগবঢ়োৱাৰ বাবে বঁটা বাহনৰ লগতে চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে বিশেষভাৱে সন্মানীত কৰি আহিছে।বিশেষকৈ ২০০৭ চনত গ্ৰ’বেল ছ’ছাইটি অৱ ইণ্ডিয়া নামৰ আন্ত:জাতিক খ্যাতি সম্পন্ন তথা ভাৰতবৰ্ষৰ আগশাৰী স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে ডা°বৰগোঁহাইক নতুন দিল্লীত অসমৰ প্ৰাক্তন ৰাজ্যপাল ভীস্ম নাৰায়ণ সিংহ আৰু কেবাখনো দেশৰ ৰাষ্ট্ৰদূতৰ উপস্থিতিত চিকিৎসক ৰত্ন বঁটা প্ৰদান কৰিছিল।ৰাজ্যৰ এগৰাকী ইতিহাসবিদ হিচাপে অসম চৰকাৰৰ পুৰাতত্ত্ব বিভাগৰ ফালৰ পৰা ২০২০চনত ডা°বৰগোঁহাইক বিশেষভাৱে সন্মানীত কৰিছে।ইয়াৰ উপৰিও ৰাজ্যখনৰ বিভিন্ন সংগঠনে ইতিহাস সংকলন সমিতিৰ এগৰাকী সদস্য ডা°বৰগোঁহাইক অভিনন্দন,সম্বৰ্ধনা জনাই আহিছে।অসমীয়াৰ লগতে বাংলাৰ সাহিত্যৰ অনুৰাগী চিকিৎসকগৰাকীৰ প্ৰিয় সাহিত্যিকসকলৰ অন্যতম ড°লক্ষ্মীনন্দন বৰা,ড°ভৱেন্দ্ৰনাথ শইকীয়া,চৈয়দ আব্দুল মালিক,হোমেন বৰগোঁহাই,ড°মামণি ৰয়চম গোস্বামী,ড°লীলা গগৈ অন্যতম।

Leave A Reply