Breaking

কৃষি কৰ্মৰ জৰিয়তে দেখা স্বাৱলম্বীতাৰ সপোন অসাৰ কৃষকসমাজৰ

0 520

কৃষি কৰ্মৰ জৰিয়তে দেখা স্বাৱলম্বীতাৰ সপোন অসাৰ কৃষকসমাজৰ : কৃষকসকলক সহায়ৰ আহবান চৰকাৰক ছাত্ৰ নেতা মিন্টু ভুমিজৰ ।

জামুগুৰিহাটৰ ইটাখোলাস্থিত ভূঞাপাৰাৰ নিৱাসী মিন্টু ভুমিজে কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল যদিও সম্প্ৰতি সেই আশা পূৰণ নহল ৷ মিন্টু ভুমিজে কৰা প্ৰায় ১০ বিঘা কৃষি ভুমিৰ উৎপাদিত ফচল ক্ৰমে জলকীয়া, ভেণ্ডি, বেঙেনা, বিলাহী আৰু মাকৈ খেতি সম্প্ৰতি পথাৰতে নষ্ট হৈছে ৷ প্ৰতি বিঘাত ২৫\৩০ হাজাৰ টকা ব্যয় সাপেক্ষে কৰা খেতিৰ শস্য লকডাউনৰ বাবেই এতিয়া কৃষি ভুমিতে প্ৰখৰ ৰ’দ-বৰষুণত গেলি-পচি নষ্ট হোৱা দেখা গৈছে। ক’ৰণা সৃষ্ট পৰিস্থিতিত ব্যৱসায় বাণিজ্যৰ লগতে বজাৰ-সমাৰ বন্দ্ধ হৈ থকাত কৃষকে কৰা শস্য মূল্যহীন হৈ পৰা পৰিলক্ষিত হৈছে। কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ সপোন দেখা এই সকল যুৱকে চৰকাৰক এই ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দাৱী জনাইছে ৷

Leave A Reply