Breaking

শীতকালত প্ৰতিদিনে এক গিলাচ ডাব নাৰিকলৰ পানী পান কৰক বুকু জ্বলা পুৰা সমস্যা দূৰ কৰক…

0 105

১)প্ৰতিদিনে এক গিলাচ ডাব নাৰিকলৰ পানী পান কৰিলে বুকু জ্বলা পুৰা কৰা বা এচিডিটি নোহোৱা হৈ আৰু হজম শক্তি বৃদ্ধি পায়।

২)মানুহৰ কিডনি দুটিকো এই নাৰিকলৰ পানীয়ে ভিন্ন ৰোগৰ পৰা নিৰাপদে ৰাখিব পাৰে কিয়নো ইয়াত ৰৈছে প্ৰচুৰ পৰিমাণে মিনাৰেল পটাচিয়াম, মেগনেছিয়াম। লগতে ই বিভিন্ন UTI (Urinary track infection) ৰ পৰাও মানৱ দেহাটিক সুৰক্ষিত কৰে।

3)ডাব নাৰিকলৰ পানীয়ে কোষ্ঠকাঠিন্যৰ সমস্যায়ো দূৰ কৰে। লগতে গেচট্ৰিক, আলচাৰ, পাইলচ, ডিচেনট্ৰি , সঘনাই বমি হৈ থকা আদি সমস্যাবোৰটো ই বৰ উপকাৰী।

৪)নিয়মিত এই পানীয় সেৱন কৰিলে মুখৰ দাগ, ভ্ৰুণ আদি নোহোৱা হয় আৰু মুখৰ উজ্বলতা বৃদ্ধি পায়,দেহত ঘামুচি নহয়।

৫)গৰমত শৰীৰৰ ডিহাইড্ৰেছন দূৰ কৰাৰ উদ্দেশ্যে এই পানী পান কৰিলে তাৎক্ষণিক ফল পোৱা যায়। গৰ্ভৱতী মহিলা সকলেও এই পানী মাজে সময়ে পান কৰা উচিত।

৬)উঠি অহা লৰা ছোৱালীক এই পানী পান কৰালে গ্ৰ্ঠ সুন্দৰ হয়।

৭) ডাব নাৰিকলৰ পানীয়ে মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ই বেক্টেৰিয়েল ও ভাইৰেল জনিত ৰোগৰ পৰা আমাৰ দেহাটিক ৰক্ষা কৰে।কিয়নো ইয়াত অন্তৰ্নিহিত হৈ থাকে ৰাইবফ্লেভিন, নিয়াচিন, থায়ামিন তথা পেৰিডক্সিনৰ দৰে মূল্যবান উপাদান।

এই পানীত প্ৰচুৰ পৰিমাণে ছডিয়াম আৰু শৰ্কৰা থকাৰ বাবে উচ্চ ৰক্তচাপ আৰু ডায়েবেটিচ ৰোগীয়ে অতিমাত্ৰাত সেৱনৰ পৰা বিৰত থাকিব।

বন্ধুবৰ্গ দেহাটিৰ সুস্থতাৰ কথা চিন্তি এই গৰমত বজাৰত পোৱা কৃত্ৰিম ক্ষতিকাৰক অতিৰিক্ত কেলৰি ও চেনিযুক্ত ছফ্ট ৰঙীণ ড্ৰিংকচবোৰ পৰিহাৰ কৰি প্ৰাকৃতিক পানীয় ডাব নাৰিকলৰ পানী সেৱন কৰক। কাৰণ ই কেৱল প্ৰাকৃতিক পানীয় যে এনে নহয়, ইয়াত ৰোৱা উপকাৰী উপাদান বোৰে আমাৰ দেহাটিকো ভিতৰৰ পৰা সুস্থ কৰি ৰাখে।

লেখক: খালিদ ইছলাম

Leave A Reply