Breaking

শুৱাৰ আগত আমৰ ৰসৰ লগত গাখীৰ খালে টোপনি ভাল হয়

0 1,119

আম এবিধ অতিকৈ সুস্বাদু ফল। গ্ৰীষ্মকালত উপলব্ধ হোৱা ফল সমূহৰ ভিতৰত আম সকলোতকৈ আকৰ্ষণীয় আৰু পুষ্টিকৰ ফল। আমত প্ৰচুৰ পৰিমাণে ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ পোৱা যায়। ইয়াৰ উপৰিও আম কেলচিয়াম, ফছফৰাছ, ছ’ডিয়াম, পটাছিয়াম, কপাৰ, মেগনেছিয়াম, ক্ল’ৰিণ আদিৰে ভৰপূৰ।আম স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী। কিয়নো আম বহুতো ঔষধি গুণেৰে সমৃদ্ধ। আমৰ কেইটামান বিশেষ গুণৰ-

আমত থকা ভিটামিন ‘চি’-এ চৰ্মৰোগ দূৰ কৰে।

পকা পূৰঠ আমে হৃদযন্ত্ৰ সবল কৰে আৰু বীৰ্যবৰ্ধন কৰে।

উচ্চ ৰক্তচাপত পকা আমৰ ৰস বৰ উপকাৰী।

দেহত বল বৃদ্ধি আৰু শৰীৰৰ গঠন বৃদ্ধিত পকা আম যথেষ্ট উপকাৰী।

চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰিবলৈ পকা আম প্ৰতিদিনা ২০০ গ্ৰামকৈ হ’লেও খাব লাগে।

গভাৱতী মহিলাৰ বাবে আম অত্যন্ত উপকাৰী।

ৰাতি আমৰ ৰসৰ লগত গাখীৰ খালে টোপনি ভাল হয়।

স্মৃতিশক্তি সবল কৰিবলৈ দিনে পকা আমৰ ৰসৰ লগত এচামুচ আদা ৰস মিলাই খালে উপকাৰ পোৱা যায়।

বিঃদ্ৰঃওপৰোক্ত লিখনিটো সাধাৰণ তথ্যৰ ওপৰত আধাৰিত।কোনো জটিল ৰোগত আক্ৰান্ত হলে চিকিৎসকৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয়।

Leave A Reply