Breaking

প্ৰথম সপ্তাহতে অভিলেখ ভংগ কৰি বক্স অফিচত শতক অৰ্জন কৰিলে ‘দৃশ্যাম ২’য়ে…

0 112

বলীউডৰ ‘সিংহাম’ অজয় ​​দেৱগনৰ চিনেমাখনে পুনৰবাৰ বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে। হয়, অজয়ৰ ‘দৃশ্যাম ২’ যোৱা ১৮ নৱেম্বৰত মুক্তি পাইছিল আৰু সাত দিনৰ ভিতৰত ছবিখনে ১০০ কোটিৰ সীমা অতিক্ৰম কৰিছে। বক্স অফিচত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে দৃশ্যাম ২য়ে৷ দৃশ্যাম ২’ৰ কাহিনী জীথু জোচেফৰ।অজয় দেৱগনৰ সৈতে দৃশ্যাম ২ ত মুখ্য চৰিত্ৰত অভিনয় কৰিছে টাবু, অক্ষয় খান্না, শ্ৰিয়া সাৰণ, ইশিতা দত্ত। Drishyam 2 Box office 2022 ৰ তথ্য অনুসৰি ছবিখনৰ মুঠ বাজেট হৈছে ৫০ কোটি টকা৷

১৮ নৱেম্বৰত সকলোতে মুক্তি পালে ‘দৃশ্যাম ২’ চিনেমা। এই ছবিখনৰ প্ৰতি দৰ্শকৰ কৌতুহল ট্ৰেইলাৰৰ পৰাই বাঢ়ি আহিল। অজয় দেৱগনৰ ছবিখনে প্ৰথম সপ্তাহতে ১০০ কোটি টকাৰ সীমা অতিক্ৰম কৰি পুনৰবাৰ বলীউডৰ আশাৰ সঞ্চাৰ হৈছে। যোৱা কেইমাহমানত বলীউডৰ বহু ডাঙৰ ডাঙৰ চিনেমা ক্ৰেচ হৈ গৈছে। এইদৰেই বলীউডৰ ৰাইজে ‘দৃশ্যাম ২’ই প্ৰথম সপ্তাহতে ১০০ কোটি টকা সংগ্ৰহ কৰা দেখি আনন্দিত হৈ পৰিছে।


‘দৃশ্যাম ২’ মুক্তিৰ প্ৰথম দিনাই ১৫.৩৮ কোটি টকা সংগ্ৰহ কৰে। শনিবাৰে দ্বিতীয় দিনা ২১.৫৯ কোটি, দেওবাৰে তৃতীয় দিনা ২৭.১৭ কোটি টকা। সোমবাৰে উপাৰ্জন সামান্য হ্ৰাস পায়। প্ৰথম সোমবাৰে ছবিখনে ১১.৮৭ কোটি টকা সংগ্ৰহ কৰে। মঙলবাৰে ১০.৪৮ কোটি, বুধবাৰে ৯.৫৫ কোটি আৰু বৃহস্পতিবাৰে ৮.৬২ কোটি টকা। ইয়াৰ লগতে চিনেমাখনৰ মুঠ উপাৰ্জন ১০৪.৬৬ কোটি হয়। ‘দৃশ্যাম ২’ এইবাৰ শতক অৰ্জন কৰা পঞ্চমখন ছবি হিচাপে পৰিগণিত হৈছে। অজয় দেৱগানৰ কেৰিয়াৰৰ ১০০ কোটি টকা উপাৰ্জন কৰা ত্ৰয়োদশখন ছবি হিচাপে পৰিগণিত হৈছে।


উপাৰ্জনৰ ক্ষেত্ৰত অজয় ​​দেৱগানৰ ‘দৃশ্যাম ২’ ছবিখনে এইবাৰৰ ছুপাৰহিট ছবি ‘ভূল ভুলীয়া’ক অতিক্ৰম কৰিছে। কাৰ্তিক আৰিয়ানৰ ভুল ভুলীয়াই প্ৰথম সপ্তাহত ৯২.০৫ কোটি টকা সংগ্ৰহ কৰে। প্ৰথম সপ্তাহতে ১০০ কোটিৰ সীমা অতিক্ৰম কৰিলে ‘দৃশ্যাম ২’।

দৃশ্যাম ২’ সহজেই ১০০ কোটিৰ সীমা অতিক্ৰম কৰিলে। কিন্তু আগৰ পথটো সহজ নহয়। আজি ২৫ নৱেম্বৰত মুক্তি পালে বৰুণ ধাৱন আৰু কৃতি ছাননৰ ‘ভেদিয়া’।এই দুয়োখন চিনেমাতে প্ৰচণ্ড যুঁজ হ’ব। এতিয়া চাওঁ কোনে জয়ী হয়৷

দৃশ্যাম ২ মালয়ালম চিনেমাৰ পুনৰ্নিৰ্মাণ।পূৰ্বৰ ছবিখনত অভিনয় কৰিছিল অজয় দেৱগ্ন, টাবু, শ্ৰিয়া সাৰণ, ইশিতা দত্ত আৰু ঋষব চাধাই। ৩৮ কোটি টকাৰ বাজেটেৰে ২০১৫ চনৰ ৩১ জুলাইত মুক্তি পোৱা এই ছবিখনে সমালোচনাত্মক আৰু বাণিজ্যিক সফলতা হিচাপে আত্মপ্ৰকাশ কৰিছিল, বিশ্বজুৰি ১১১ কোটিতকৈ অধিক উপাৰ্জন কৰিছিল।হত্যাৰ ৰহস্য এই চিনেমাখনৰ প্ৰথম খণ্ডটো দৰ্শকে ভাল পাইছিল।

Leave A Reply