Breaking

গাড়ী চালকৰ কন্যা স্নেহা শইকীয়াই ৫৯৪ নম্বৰে চতুৰ্থ স্থান দখল কৰি ধনশিৰি মহকুমালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে

0 1,396

সৰুপথাৰত আনন্দৰ ঢল, এজন গাড়ী চালকৰ কন্যাৰ সফলতা। আজি ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত জিলিকি উঠিল সৰুপথাৰৰ স্নেহা শইকীয়া। দয়ানন্দ বিদ্যা নিকেটনৰ ছাত্ৰী স্নেহাই অসমৰ ভিতৰতে ৫৯৪ নম্বৰেৰে চতুৰ্থ স্থান দখল কৰি ধনশিৰি মহকুমাৰ লগতে গোলাঘাট জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সৰুপথাৰ নগৰৰ ৭ নং ৱাৰ্ডৰ বাসিন্দা স্নেহাৰ সফলতাত এতিয়া উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃ তথা ভাতৃৰ উপৰিও বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজ। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে চতুৰ্থ স্থান পাবলৈ সক্ষম হোৱা স্নেহাৰ।

ইপিনে পুৱাৰে পৰা স্থানীয় ৰাইজ, দল-সংগঠনৰ লগতে বিভিন্ন লোকে আহি অভিনন্দন জনোৱাৰ বাবে ভিৰ কৰিছেহি ছাত্ৰী গৰাকীৰ বাসগৃহত। উল্লেখ্য যে স্নেহাৰ পিতৃ ত্ৰিদিপ শইকীয়াই কন্যাই অধ্যয়ন কৰা বিদ্যালয় খনত গাড়ী চালক হিচাপে কৰ্মৰত।

Leave A Reply