Breaking

ইটাখোলাত হেৰ’ইনসহ ধৃত ড্ৰাগছ বেপাৰী

0 2,057

বিশ্বনাথ জিলাৰ ইটাখোলা উপ-শাখা চকীৰ অন্তৰ্গত বালিডোঙাত কালি হেৰ’ইনসহ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। বশ্বনাথ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক মুজাফৰ হুচেইন,চক্ৰ পৰিদৰ্শক দিলীপ বনীয়া আৰু ইটাখোলা উপ-আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয় শ্যামল নেওগৰ নেতৃত্বত যোৱা এদল আৰক্ষীৰ দলে এক গোপন সূত্ৰ পম খেদি ইটাখোলাৰ সমীপৰ বালিডোঙাস্থিত নাৰায়ণপুৰৰ পৰা কুখ্যাত ড্ৰাগছ বেপাৰী জয়নাল আবেদিন(৫৬) ক দুইলাখ টকা মূল্যৰ হেৰ’ইনৰ সৈতে গ্ৰেপ্তাৰ কৰে। কুখ্যাত ড্ৰাগছ বেপাৰীজনক বহুত দিনৰ পৰা আৰক্ষীয়ে বিচাৰি আছিল।

Leave A Reply