Breaking

গৌৰীপুৰত জব্দকৃত নিচাযুক্ত ড্ৰাগছ বিনষ্টকৰণ অভিযান…

0 88

ধুবুৰী জিলাৰ গৌৰীপুৰ আৰক্ষী থানাৰ অন্তৰ্গত আলমগঞ্জ গাঁও পঞ্চায়তৰ ৰঙামাটি গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ শিবিৰৰ সমীপতত ধুবুৰী আৰক্ষীয়ে ড্ৰাগছ বিনষ্টকৰণ অভিযান কাৰ্যসূচী পালন কৰে ৷

এই বিনষ্টকণ অভিযানত উপস্থিত থাকে ধুবুৰী জিলা আৰক্ষী অধীক্ষক , উপ -আৰক্ষী অধীক্ষক , অতিৰিক্ত আৰক্ষী অধীক্ষক , দুগৰাকীকৈ দণ্ডাধীশ, বিভিন্ন আৰক্ষী থানাৰ আৰক্ষী বিষয়া আৰু বিভিন্ন সাংবাদিক , বাতৰি কাকতৰ সাংবাদিকসকল ৷ উল্লেখ্য যে জব্দকৃত কফ ছিৰাপ , হিৰোইন , নিচা জাতীয় টেবলেট , আদিকে ধৰি বিভিন্ন নিচা জাতীয় সামগ্ৰী দাহ কৰে ৷

উক্ত নিচাযুক্ত সামগ্ৰীৰ বজাৰ মূল্য প্ৰায় ডেৰ কোটি টকা হব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে সাংবাদিকৰ আগত কয় যে সকলোৱে মিলি নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিব লাগিব আৰু আগবাঢ়ি আহিব লাগিব ৷ বৰ্তমান স্কুল – কলেজীয়া ছাত্ৰ সকলে দ্ৰব্য সেৱন কৰা পৰিলক্ষিত হৈছে।

Leave A Reply