Breaking

‘সংখ্যালঘু অঞ্চলত ড্ৰাগছৰ ভয়াবহতা বেছি’- ছামছুল হক

0 69

কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ গৰৈমাৰী এলেকাধীন ভলুকাৰীস্থিত ব্যক্তিগত খণ্ডৰ বিদ্যালয় জে কে মেমোৰিয়েল একাডেমিৰ বাৰ্ষিক অধিৱেশন যোৱা কালি সফল সামৰণি পৰে৷ উল্লেখ্য যে ২৩ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়৷

কাৰ্যসূচী মতে ২৩ ডিচেম্বৰ পুৱা সমাজ সেৱা, পতাকা উত্তোলনৰ লগতে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন ধৰণৰ খেল-ধেমালী প্ৰতিযোগিতা অনুষ্ঠিত হয়৷তদুপৰি ২৪ আৰু ২৫ ডিচেম্বৰ তাৰিখে ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ, আকস্মিক বক্তৃতা,স্মৃতি পৰীক্ষাকে ধৰি বিভিন্নধৰণৰ প্ৰতিযোগিতামূলক কাৰ্যসুচী অনুষ্ঠিত কৰে৷ উল্লেখ্য যে সন্ধিয়া ৬ বজাত জে কে মেমোৰিয়েল একাডেমীৰ পৰিচালন সঞ্চালক আমজেদ আলী আহমেদৰ পৌৰহিত্যত মুকলি ও বঁটা বিতৰণি সভা অনুষ্ঠিত হয়৷

সভাত মুখ্য অতিথি হিচাপে লুইতপৰীয়া শিশু বিকাশ পৰিষদৰ সভাপতি ছামচুল হকে উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে আজি কালি ছাত্ৰ-ছাত্ৰীসকলে শাৰিৰীক খেল-ধেমালীৰ সলনি মোবাইলৰ গেমত বেছি ব্যস্ত থকা দেখা যায়৷ যিটো নেকি ভৱিষ্যত প্ৰজন্মৰ বাবে অতি ভয়াবহ হৈ পৰিছে৷ আনকি অভিভাৱক সকলক ছাত্ৰ-ছাত্ৰীৰ হাতত মোবাইলত নিদিবলৈ আহব্বান জনায়৷ ইয়াৰ উপৰি সংখ্যালঘু অধ্যুষিত অঞ্চলত যুৱক-যুৱতীসকলে ড্ৰাগছ, মদ, ভাং আদিৰ প্ৰতি আকৃষ্ট হৈ সমাজ ধ্বংস কৰাত উঠি পৰি লাগিছে৷ ড্ৰাগছ সেৱনেৰে নৱপ্ৰজন্মলৈ ছাত্ৰ-ছাত্ৰীলকলে ভাবুকি কঢ়িয়াই আনিছে বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰে৷

ইপিনে মুকলি সভাত বিশিষ্ট অতিথি হিচাপে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আব্দুৰ ৰেজ্জাক, ভলুকাবাৰী হাই স্কুলৰ প্ৰধান শিক্ষক মিজানুৰ ৰহমান, লুইপৰীয়া শিশু বিকাশ পৰিষদৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি বিলায়েত হুছেইনকে ধৰি কেবাজনো গন্যমান্য ব্যক্তি উপস্থিত থাকে৷ মুকলি সভাৰ শেষত একাডেমীখনৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰে৷

-ৰেজাউল কবিৰ

Leave A Reply