Breaking

গহপুৰত বুজন মৰিমাণৰ ড্ৰাগছ সহ আটক ড্ৰাগছ মাফিয়া

0 521

গহপুৰত বুজন মৰিমাণৰ ড্ৰাগছ সহ আটক হৈছে ১৫ জনকৈ ড্ৰাগছ মাফিয়াৰ লগতে ড্ৰাগছ সেৱনকাৰী। ইয়াৰে ৪ গৰাকী মহিলা। আজি পুৱতি নিশা গহপুৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তৰ নেতৃত্বত আৰু গহপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্ৰশান্ত বেজবৰুৱা, হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৃপেন শইকীয়াৰ সহযোগত এক গোপন সূত্ৰৰ পম খেদি পুঁৱতি নিশা ৰূপ কুমাৰ মুছাহাৰীৰ ঘৰত অভিযান চলাই৩৩ টা কন্টেনাৰ এখন স্কৰপ্ৰিয় গাড়ী আৰু এখন নাম্বাৰ প্লেট বিহীন স্কুটি জব্দ কৰে । একেদৰে লখিমপুৰৰ ভোগপুৰ, গহপুৰৰ নয়া ঘগৰা, কলাবাৰী কেকোৰাবাৰী ,অৰুণাচল চিম্পু আদি অঞ্চলত অভিযান চলাই ড্ৰাগছ সহ মুঠ ১৪ জন লোকক আটক কৰিবলৈ সক্ষম হয় । ধন এক লাখ ২৯ হাজাৰ ৪৬৮ টকা জব্দ কৰিবলৈ সক্ষম হয়। অভিযান কালত ড্ৰাগছ সৰবৰাহৰ সতে জড়িত দলটোৰ পৰা মুঠ দুখন স্কৰপ্ৰিয় বাইক সহ চাৰিখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

Leave A Reply