Breaking

ৰংদৈ নতুন সমাজৰ উদ্যোগত ঢোল বাদন আৰু বিহু নাচ কৰ্মশালাৰ সামৰণি…

0 44

উত্তৰ পুৱ যোৰহাটৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান ৰংদৈ নতুন সমাজৰ উদ্যোগত দহদিনীয়াকৈ অনুস্থিত বিহুৰ ঢোল বান আৰু বিহু নাচ কৰ্মশালা দেওবাৰে সামৰণি পৰে। সামৰণি অনুষ্ঠানত নেইষ্টৰ অৱসৰপ্ৰাপ্ত বিজ্ঞানী তথা সমাজকৰ্মী ড’ পৰাণ বৰুৱা উপস্থিত থাকি এনে কায্যসুচিয়ে সমাজ এখনৰ উত্তৰণৰ পৰিচয় ডাঙি ধৰে বুলি উল্লেখ কৰা ৰ লগতে বৰ্তমান সময়ত বিহুক বিশ্ব দৰবাৰত প্ৰতিস্থা কৰাৰ কথাও অৱগত কৰে। জেষ্ঠ বিহুৱা পূণ্যেশ্বৰ বৰাৰ ঢোল বাদনেৰে আৰম্ভ কৰা সামৰণি কায্যসুচিত , নতুন সমাজৰ সভাপতি পৰাণ কুমাৰ শৰ্মা , শিক্ষক তপন সাহা , ৰংদৈ উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক শান্তনু হাজৰিকা , ৰাজীৱ নাজিৰ , প্ৰদীপ পাচনী , প্ৰশান্ত নাজিৰ , প্ৰণামী বৰা ,, শিক্ষক টংকেশ্ব বৰা , অৰুণ শৰ্মা আদি উপস্থিত থাকে।

দহদিনীয়া কৰ্মশালা খনিত প্ৰশিক্ষণ প্ৰদান কৰে ঢোলৰ ওজা জীৱন হাজৰিকা , বিহুৱতী চুমকী হাজৰিকা ডেকাই। পংকজ বৰঠাকুৰ , প্ৰদীপ দত্ত , ৰজিত বৰুৱাই কেউটাদি ন পৰিচালনা কৰা কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানত ভোৰতাল নৃত্য পৰিৱেশন কৰে হাতীগড় মোজাৰ ” সম্প্ৰীতি ” সামাজিক সাংস্কৃতিক অনুষ্ঠানৰ শিল্পী সকলে।
প্ৰশিক্ষাৰ্থী আকাশ জ্যোতি বৰঠাকুৰৰ সংগী বৃন্দ ই বাঁহি বাদন পৰিৱেশন কৰা কায্যসূচিত সম্পাদক জগন্নাথ অগ্নি বৰাৰ ব্যৱস্থাপনাত পৰিচালিত হোৱা দহ দিনীয়া কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলে হুচৰি , ঢোল বাদন , বিহু নাচ আৰু জেঙ বিহু পৰিৱেশন কৰি সকলোকে আমোদ দিয়ে ।শতাধিক ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালা সামৰণি অন্তত সকলোকে নতুন সমাজৰ তৰফৰ পৰা একখনকৈ মান পত্ৰ প্ৰদান কৰা হয়।

Leave A Reply