ইউকো বেংক পেঞ্চনাৰ এচোছিয়েশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ ২.১১ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি

ইউকো বেংক পেঞ্চনাৰ এচোছিয়েশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ ২.১১ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি।অসমৰ বান আক্ৰান্ত লোকৰ পুনৰ সংস্থাপন আৰু সাহায্যৰ বাবে ইউকো বেংক পেঞ্চনাৰ এচোছিয়েশ্যন, উত্তৰ পূৰ্বাঞ্চলৰ পৰা ২.১১ লাখ টকা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়োৱা হয়।


ইউকো বেংক পেঞ্চনাৰ এচোছিয়েশ্যনৰ সভাপতি,মনোমোহন বড়ো, সম্পাদক হলিৰাম বৈশ্য, কাৰ্যকৰী সভাপতি শৰৎ কলিতা আৰু জেষ্ঠ সদস্য মতিউৰ ৰহমানে যোৱা ১৫ আগষ্টৰ সন্ধিয়া মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এচোছিয়েশ্যনৰ হৈ উক্ত ৰাশিৰ এখন চেক অৰ্পণ কৰে।

Related Articles