Breaking

বিশ্বৰ বিখ্যাত মৰুভূমি চহৰ ডুবাইত বানপানী

0 88

বিশ্বৰ বিখ্যাত আৰু সুন্দৰ মৰুভূমি চহৰ ডুবাই বৰ্তমান বানপানীৰ সৈতে যুঁজিছে। য’ত বেছিভাগ সময়তে গৰম আৰু খৰাং থাকে, তেনে ঋতুৰ পৰিৱৰ্তনৰ ফলত পৰিস্থিতি ভয়াৱহ হৈ পৰা দেখা গৈছে।

ডুবাইৰ পৰিষ্কাৰ আৰু উজ্জ্বল ৰাস্তাবোৰ এতিয়া পানীৰ খাললৈ পৰিণত হৈছে।

বোকা-বালি থকা অঞ্চললৈ নাযাবলৈ ডুবাই আৰক্ষীয়ে সতৰ্কবাণী জাৰি কৰিছে। কাৰণ ধাৰাসাৰ বৰষুণ আৰু বানপানীৰ ফলত ভূমি ডুব যোৱাৰ আশংকা।

সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে হালধীয়া আৰু কমলা ৰঙৰ সতৰ্কবাণী। বতৰ ধাৰাবাহিকভাৱে তীব্ৰতৰ হৈ আহিছে।

সমগ্ৰ ডুবাইৰ লোকসকলে ছ’চিয়েল মিডিয়াত প্ৰচণ্ড বৰষুণৰ ভিজুৱেল শ্বেয়াৰ কৰা দেখা গৈছে।


Leave A Reply