Breaking

কাৰ দোষত মৃতপ্ৰায় অসম চৰকাৰৰ এসময়ৰ সোণৰ কণী পৰা হাঁহ

0 1,243

২০১৫ চনত চাৰি কোটি টকা ব‍্যয়ৰে নিৰ্মিত অত‍্যাধুনিক হাঁহ পালন গৃহত এতিয়া জংঘলী লতা
কলিয়াবৰৰ কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম ও গৱেষণা কেন্দ্ৰৰ আজিৰ বিধস্ত ৰূপৰ বাবে দায়ী কোন?
দৈনন্দিন বাৰ্তাৰ সেৱা, কলিয়াবৰ, ১৪ জুলাই : প্ৰচুৰ সম্ভাৱনাৰ পিছতো কেৱল বিভাগীয় অমনোযোগিতাৰ বাবেই পৰিত্যক্ত প্ৰায় ৰূপ লৈছে কলিয়াবৰৰ হাতীগাঁৱত অৱস্থিত ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰটোৱে। ৬৫ বিঘা মাটি জুৰি থকা পাম তথা গৱেষণা কেন্দ্ৰটোৰ অধিকাংশ এতিয়া ঢাক খাইছে হাবি-জংঘলৰে। প্ৰয়োজনীয় ২৭ জন কৰ্মচাৰীৰ বিপৰীতে মাত্ৰ ৬-৭ জন কৰ্মচাৰীৰে পামখন পৰিচালনা কৰিব লগা হোৱাত ক্ৰমাৎ উৱলি যোৱাৰ উপক্ৰম হৈছে উৎপাদনমুখী এই পামখনৰ বহু সম্পত্তি।১০৭৯ চনতে স্থাপিত ধ্বংসৰ গৰাহত কলিয়াবৰৰ ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন আৰু গৱেষণা কেন্দ্ৰ। কৰ্মচাৰীৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম উৎপাদনমুখী পামখন। নাম মাত্ৰ হাঁহ-কুকুৰা উৎপাদনৰে চলিছে এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম শ্ৰেণীত থকা হাঁহ-কুকুৰা প্ৰজনন আৰু উৎপাদন কেন্দ্ৰটো। বিশাল চৌহদৰ অধিকাংশই ভৰিছে হাবি-জংঘলৰে।
কলিয়াবৰৰ হাতীগাঁৱত অৱস্থিত ৰাজ্যিক কেন্দ্ৰীয় হাঁহ প্ৰজনন পাম আৰু গৱেষণা কেন্দ্ৰৰ বৰ্তমানৰ অৱস্থাই ৰাজ‍্যৰ পশুপালন বিভাগৰ যোৱা পাঁচবছৰীয়া কাৰ্য‍্যকালৰ এক দুখজনক ছবি দাঙি ধৰিব। কিয়নো, হাঁহ প্ৰজনন কেন্দ্ৰ আৰু গৱেষণা কেন্দ্ৰটো সৱলীকৰণৰ নামত ২০১৫ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ খনৰ দিনত কেন্দ্ৰীয় চৰকাৰৰ অৰ্থ সাহাৰ্যত নিৰ্মিত চাৰিটাকৈ অত্যাধুনিক হাঁহ পালন গৃহ মুকলি কৰা হৈছিল যদিও আজিলৈকে এটাও হাঁহ নোসোমাল সেই গৃহসমূহত। ৰাজ্যজুৰি পামখনত উৎপাদিত হাঁহ-কুকুৰাৰ যথেষ্ট চাহিদা আছে যদিও কেৱল বিভাগীয় অমনোযোগিতাৰ বাবেই এতিয়া ধ্বংসৰ গৰাহত পৰিছে এসময়ৰ নদন-বদন অৱস্থাৰ পাম তথা গৱেষণা কেন্দ্ৰটো। ২০১৫ চনৰ ১ জুনতে তদানীন্তন কৃষি মন্ত্ৰী ৰকিবুল হুছেইন আৰু পশুপালন মন্ত্ৰী খৰছিং ইংতিয়ে উদ্বোধন কৰিছিল কেন্দ্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত প্ৰায় চাৰি কোটি টকাৰ ব্যয়ৰে নিৰ্মিত হাঁহ পালনৰ অত্যাধুনিক গৃহসমূহ। পিছে ৬ বছৰৰ পাছতো একমাত্ৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ অসনযোগিতাৰ ফলতেই হাঁহ পালনৰ ব্যৱস্থা হৈ নুঠিল এই গৃহসমূহত। বৰঞ্চ বৰ্তমান হাবি-জংঘলৰে ঢাক খাই ফেঁটীসাপ, অজগৰৰ বিচৰণ কেন্দ্ৰতহে পৰিণত হৈছে এই গৃহসমূহ। 
হাঁহ-কুকুৰাৰ কণী আৰু পোৱালি উৎপাদনৰ ব্যৱস্থা থকা পাম তথা গৱেষণা কেন্দ্ৰটো নামতহে গৱেষণা কেন্দ্ৰ। পিছে এজনো নাই গৱেষক অথবা সহকাৰী গৱেষক। নাই স্থায়ী পৰিচালকো। প্ৰয়োজনীয় কৰ্মচাৰীৰ অভাৱত বৰ্তমান কৰ্মৰত পৰিচালকৰ পৰা কৰ্মচাৰীলৈকে প্ৰতিজনে চোৱা-চিতা কৰিবলগা হয় হাঁহ-কুকুৰা উৎপাদনৰ সমগ্ৰ ব্যৱস্থা। পৰ্যাপ্ত সঁজুলিৰ অভাৱৰ ফলতো হাঁহ-কুকুৰাৰ উৎপাদন কৰিব পৰা নাই। কেৱল কুকুৰাৰ কণী উমনিযিটো সময়ত এই কেন্দ্ৰটোৰ পৰা এক বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হ’ব লাগিছিল সেই সময়ত এই ৰাজহৰ পৰিমাণ মুঠেই ৬০,০০০ টকা। তাৎপৰ্য‍্যপূৰ্ণভাৱে, এই ৰাজহৰ পৰিমাণ কিছুদিনৰ আগলৈকে মাত্ৰ ৬-৭ হাজাৰ টকাহে আছিল বুলি বৰ্তমানৰ ভাৰপ্ৰাপ্ত পৰিচালকজনে জনাই।
শেহতীয়াকৈ এসময়ত উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত অন্যতম এই পাম খনৰ দুৰৱস্থাৰ ৰূপ দেখি আগবাঢ়ি আহিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতি।
পামখন ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰা আৰু কাৰ্য্যালয়ত খালীহৈ থকা পদ সমূহ পুৰণৰ বাবে মহকুমাধিপতি পবিত্র কুমাৰ দাসৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পশুপালন মন্ত্ৰী আৰু স্থানীয় বিধায়ক তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তলৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কলিয়াবৰ জিলা সমিতিয়ে প্ৰেৰণ কৰে স্মাৰক পত্ৰ।
এতিয়া প্ৰশ্ন হ’ল – এনেদৰে মৃত‍্যুৰ মুখলৈ গতি কৰা যোৱা কলিয়াবৰৰ এসময়ৰ উৎপাদনমুখী পাম আৰু গৱেষণা কেন্দ্ৰটোৰ দুৰৱস্থা দূৰীকৰণত ৰাজ‍্যৰ কৃষি আৰু পশুপালন মন্ত্ৰীৰ সু-দৃষ্টি পৰিবনে?

Leave A Reply