Breaking

আছুৰ দুলীয়াজান অধিৱেশনত লোৱা হ’ল কেবাটাও সিদ্ধান্ত

0 163

সদৌ অসম ছাত্ৰ সন্থাৰ দুলীয়াজানত অনুষ্ঠিত অধিৱেশনত শুকুৰবাৰে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আছুৰ সদস্যৰ বয়স, বিভিন্ন সমিতিৰ কাৰ্যকাল এনে কিছু সিদ্ধান্ত প্ৰতিনিধি সভাত গ্ৰহণ কৰা হয়। অৱশ্যে পৰৱৰ্তী বৰ্ষৰ অধিৱেশনৰ পৰাহে এইসমূহ সিদ্ধান্ত কাৰ্যকৰী হ’ব।

৩ বছৰৰ ভিতৰত অধিৱেশন অনুষ্ঠিত কৰি কেন্দ্ৰীয় সমিতি সলনি কৰিব লাগিব। ইফালে যদিহে সেয়া কৰা নহয় তেতিয়া ৩বছৰ ৩মাহ হ’লে সেই কাৰ্যনিৰ্বাহ কমিটীখন নিজে নিজে ভংগ হৈ যাব ।সেইখিনি সময়ত কাৰ্যনিৰ্বাহ কমিটীৰ উপ সভাপতি, সহঃ সাধাৰণ সম্পাদক আৰু উপদেষ্টা মণ্ডলীয়ে দিন-বাৰ ঠিক কৰি অধিৱেশন অনুষ্ঠিত কৰিব লাগিব ।বিবাহপাশত আৱন্ধ হ’লেই কোনো নেতাৰ আছুৰ পৰা সদস্য পদ নাইকিয়া হৈ যাব । আছুৰ কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল এতিয়াৰে পৰা হ’ব ৩ বছৰ । পূৰ্বে এই কাৰ্যকাল ৫ বছৰ আছিল । প্ৰতি তিনি বছৰৰ মূৰে মূৰে জিলা অধিবেশনো অনুষ্ঠিত কৰিব লাগিব। ঠিক তেনেদৰে কেন্দ্ৰীয় কমিটীৰ বিষয়ববীয়া হ’বলৈ সদস্যৰ নিম্নতম অৰ্হতা স্নাতক ডিগ্ৰী থাকিব লাগিব। কেন্দ্ৰীয় কমিটীৰ লগতে যিকোনো আছুৰ কৰ্মীয়ে ৪০ বছৰলৈহে ছাত্ৰ সন্থাত থাকিব পাৰিব। কোনো ছাত্ৰ সন্থাৰ কৰ্মীৰ বয়স ৪২ বছৰ হ’লে অৱসৰ লোৱাটো বাধ্যতামূলক । উপদেষ্টাৰ লগতে মুখ্য উপদেষ্টা পদ থাকিব এইবাৰ ছাত্ৰ সন্থাত। কিন্ত পৰৱৰ্তী অধিবেশনত উপদেষ্টা আৰু মুখ্য উপদেষ্টাৰ পদ ৪০ বা ৪২ বছৰ হ’ব।

আনহাতে বৰ্তমানৰ সভাপতি দীপাংক কুমাৰ নাথে উপৰোক্ত প্ৰস্তাৱসমূহৰ কথা উল্লেখ কৰি ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মই বিশেষ গুৰুত্ব লাভ কৰিব, ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ’ব আৰু কম বয়সতে সংগঠক নেতৃত্ব দিব পাৰিব বুলি কয়।

Leave A Reply