Breaking

দুলীয়াজান ৰজা আলি ফুটবল দল ছেম্পিয়ন

0 2,018

টিংৰাই শাখা ছাত্ৰ সন্থাৰ উদ্যোগত, তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত স্থানীয় টিংৰাই ৰাজহুৱা খেলপথাৰত যোৱা ৩ নৱেম্বৰৰ পৰা অনুষ্টিত হোৱা ৩৫ সংখ্যক শ্বহীদ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা- ২০২১ বৰ্ষৰ কাৰ্যসূচী যোৱা ১৪ নৱেম্বৰত সফল সামৰণি পৰে ৷ দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা চূড়ান্ত খেলত দুলীয়াজান ৰজা আলি ফুটবল দলে স্থানীয় হোলোংহাবি চাহ বাগিচা ফুটবল দলক পৰাস্ত কৰি প্ৰতিযোগিতাৰ ছেম্পিয়ন দলৰ খিতাপ অৰ্জন কৰে ৷ বহু সংখ্যক ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্টিত তীব্ৰ উত্তেজনাময় খেলখন নিৰ্ধাৰিত সময়ত ১-১ গলত সমাপ্ত হয় ৷ খেলৰ প্ৰথম হাফৰ ২৬ মিনিটত হোলোংহাবি ফুটবল দলৰ আগশাৰী খেলুৱৈ জেবিয়া কেৰকেটাছৰ গলৰ জড়িয়তে অগ্ৰগতি লাভ কৰে যদিও দ্বিতীয় হাফৰ ৪৮ মিনিটত ৰজা আলি দলৰ নিৰ্ভযোগ্য খেলুৱৈ জিতুল বৰুৱাৰ আকৰ্ষনীয় গলেৰে খেলত সমতা স্থাপন কৰে ৷ দুয়োটা দলৰ খেলুৱৈ সকলে এক সুন্দৰ খেল প্ৰৰ্দশন কৰি ৰাইজৰ সহাৰি লাভ কৰে ৷ পাছত খেলৰ ফলাফলৰ বাবে মেছ ৰেফাৰীয়ে পেনাল্টিৰ  সহায় লয় ৷ পেনাল্টিত ৭ গৰাকী খেলুৱৈ ভিতৰত ৰজা আলি ফুটবল দলৰ ৬ গৰাকীয়ে সফল হোৱাৰ বিপৰিতে হোলোংহাবি চাহ বাগিচা ফুটবল দলৰ ৫ গৰাকী খেলুৱৈয়ে সফল হোৱাত সামগ্ৰীকভাৱে ৰজা আলি ফুটবল দলে হোলোংহাবি চাহ বাগিচা দলক ৭-৬ গলৰ ব্যৱধানত পৰাস্ত কৰি ৩৫ সংখ্যক শ্বহীদ ফুটবল প্ৰতিযোগিতাৰ ছেম্পিয়ন দলৰ ট্ৰফী লাভ কৰে ৷ চূড়ান্ত খেলৰ লগত সংগতি ৰাখি অভ্যৰ্থনা সমিতিৰ সভাপতি মাখন শৰ্মাৰ সভাপতিত্বত অনুষ্টিত হোৱা বঁটা বিতৰণী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কাৰ্যকৰী সভাপতি শেখৰজ্যোতি গগৈ, প্ৰাক্তণ ৰাষ্ট্ৰীয় ৰেফাৰী লগতে প্ৰতিযোগিতাৰ মেছ কমিছনাৰ দ্বায়িত্বত থকা মনোজ কুমাৰ গগৈ, প্ৰাক্তণ ৰাষ্ট্ৰীয় খেলুৱৈ যোগেন পাটোৱাৰী, বিশিষ্ট সাহিত্যিক যুদ্ধবীৰ ৰানা, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নিখিল কোঁচ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক কাঞ্চন বৰা, উপ-সভাপতি যদু সোনোৱাল, যুটীয়া সম্পাদক দেৱজিৎ সোনাৰ, সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই, সহকাৰী সম্পাদক জিতেন্দ্ৰ চুতীয়া, কাৰ্যনিৰ্বাহক বসন্ত চুতিয়া, ভৱেন খেৰুৱাৰ, হিৰণ্য মৰাণ, বদৌচা স্পৰ্টছ ক্লাৱৰ ফুটবল সম্পাদক দ্ৰোণকান্ত মৰাণ, ডিগবৈ সাংবাদিক সন্থাৰ সভাপতি বিনন্দ কুমাৰ কোঁৱৰ, প্ৰাক্তণ ছাত্ৰ কৰ্মী পংকজ বৈদ্য, প্ৰাক্তণ খেলুৱৈ বগাধৰ মৰাণ, মতিৰাজ বৰুৱা, খেল পৰিচালক অসীম সোনোৱাল, সমীৰণ নাগ, গোপাল দাস, কুলেশ্বৰ মৰাণ, কাস্মিৰ কুজুৰ, ডেভিদ তাঁতী, বাবলু মুড়া, অৰুণ উৰাং, সমাজকৰ্মী মনোজ বৰুৱা, শ্ৰেষ্ঠ খেলুৱৈ পুৰস্কাৰ দাতা খগেন ডেকা, অনুৰাগ চিৰিং, শিল্পী ৰূপম কাশ্যপ, সংবাদকৰ্মী দ্বীপেন শইকীয়া, খগেশ্বৰ বৰুৱা, টিংৰাই আছুৰ সভাপতি গুদ্দু নাপিত, ভাৰপ্ৰাপ্ত সম্পাদক দীপাংকৰ বড়া আদি কৰি বিভিন্ন ক্ষেত্ৰৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি ৷ টিংৰাই ছিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী সকলে পৰিৱেশন কৰা সমবেত সংগীতৰ পাছতে চূড়ান্ত খেলত ভাগ লোৱা দুয়োটা দলৰ খেলুৱৈ সকলৰ সৈতে অতিথিৰ চিনাকী পৰ্বৰ পাছত জাতীয় শ্বহীদ সকলৰ আত্মাৰ সদগতি কামনাৰে খেলপথাৰত সমবেত সকলোৱে এক মিনিট সময় মৌণ প্ৰাৰ্থনা কৰে ৷ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক টংকেশ্বৰ শইকীয়াই আতঁধৰা বঁটা বিতৰণি সভাত উদ্দেশ্য ব্যাখ্যাৰ পাছতে অঞ্চলটোৰ তিনিগৰাকী প্ৰাক্তণ ফুটবল খেলুৱৈ ক্ৰমে মুকুট ফুকন, জিতেন গড় আৰু সোণাৰাম নাগক অভ্যৰ্থনা সমিতি আৰু টিংৰাই শাখা ছাত্ৰ সন্থাৰহৈ বিশিষ্ট অতিথি সকলে ফুলাম গামোচা, চেলেং, সফুৰা আৰু সম্বৰ্ধনা পত্ৰৰে ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সভাত বিশিষ্ট অতিথি সকলৰ হৈ যুদ্ধবীৰ ৰাণা, কাঞ্চন বৰা, নিখিল কোঁচ, মনোজ কুমাৰ গগৈ, যোগেন পাটোৱাৰী, সম্বৰ্ধিত ব্যক্তি মুকুট ফুকন, সমৰজ্যোতি গোহাঁইয়ে বক্তব্য প্ৰদান কৰে ৷ প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটা লাভ কৰে হোলোংহাবি দলৰ খেলুৱৈ অৰুণ পুৰ্টি, শ্ৰেষ্ঠ গলদাতা জেবিয়া কেৰকেটাছ, প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈ পাৰ্লোচ অৰিয়া, উদীয়ামান খেলুৱৈ টিংৰাই ফুটবল দলৰ দীপ ৰাউতীয়া আৰু শ্ৰেষ্ঠ গলৰক্ষকৰ বঁটা লাভ কৰে ৰজা আলি দলৰ খেলুৱৈ জগত প্ৰসাদ নায়কে লাভ কৰে ৷ সভাত প্ৰতিযোগিতা ৰানাছ আপ হোলোংহাবি চাহ বাগিচা ফুটবল দলক চলন্ত ট্ৰফী সহ নগদ দহ হাজাৰ এটকা, অভ্যৰ্থনা সমিতিৰ ছেক, মেডেল আৰু উপহাৰ প্ৰদান কৰা লগতে ছেম্পিয়ন দল দুলীয়াজান ৰজা আলি ফুটবল দলক চলন্ত ট্ৰফী সহ নগদ বিশ হাজাৰ এটকা, ছেক, মেডেল আৰু এটি উপহাৰ প্ৰদান কৰে উপস্থিত বিশিষ্ট অতিথি সকলে ৷ সভাপতি মাখন শৰ্মাৰ বক্তব্য পাছতে শলাগ জ্ঞাপনেৰে ১১ দিনীয়া কাৰ্যসূচী সফল সমাপ্তিৰ ঘোষণা কৰে ৷ ৰেফাৰী:  অসীম সোনোৱাল, লাইনত গোপাল দাস, কাস্মিৰ কুজুৰ, চতুৰ্থ সমীৰণ নাগ ৷

Leave A Reply