Breaking

কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী ছফিকুল ইছলামক হাতেলুটে আটক ডুমডুমীয়া আৰক্ষীৰ

0 64

নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসন যিমানেই সস্তম হৈছে সিমানেই যেন একাংশই আৰক্ষীক আঙ্গুস্থ প্ৰৰ্দশন কৰি অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা।

বুধবাৰে পুনৰ ধিঙৰ কাছকাটি ৰজাবাৰীত আটক কৰে কুখ্যাত ড্ৰাগছ পেডেলাৰ ছফিকুল ইছলাম।

ছফিকুলে নিষিদ্ধ ড্ৰাগছখিনি বিক্ৰীৰ বাবে যাঁওতে ডুমডুমীয়া আৰক্ষী আৰু নগাঁ‌ও কাটিমাৰীৰ CRPF ৰ ৩৪ বেটেলিানৰ অভিযানত ৰজাবাৰীত হাতেলুটে আটক কৰে।

আটকাধীন ছফিকুলৰ পৰা তিনিটা চাবোনৰ বাকচৰ পৰা ৩৬.০৮ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে।

জানিব দিয়া মতে দীৰ্ঘদিন ধৰি ছফিকুলে চলাই আহিছিল ড্ৰাগছ বেহা।

উল্লেখনীয় বিষয় যে গণতন্ত্ৰ দিৱসৰ কাৰণে ডুমডুমীয়া আৰক্ষীয়ে তালাচি চলোৱা সময়তে আটক কৰে ছফিকুলক৷

Leave A Reply