Breaking

চাবুৱাৰ চাহ বাগিছাত ভয়ংকৰ কাণ্ড ভুৱা চিকিৎসক অব্যাহত ৰাখিছিল অসৎ কাৰ্য

0 236

চাবুৱাৰ মোকালবাৰী চাহ বাগিছাত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। চাহ বাগিছা খনৰ হাস্পতালত কৰ্মৰত এজন ভুৱা চিকিৎসক। নাম ষ্টিফেন এণ্ট্ৰনী ওৰফে চাইমন নাগ ওৰফে ৰবেন নাগ। অৱশেষত আৰক্ষীৰ জালত এইজন মুন্নাভাইৰূপী চিকিৎসক। যি সময়ত বৰ্তমানৰ এই কভিডসৃষ্ট পৰিৱেশত চিকিৎসক সকলে নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি তথা দিন-ৰাতি একাকাৰ কৰি অহৰহ কৰ্তব্যত নিয়োজিত হৈ আছে সেই সময়তে কিন্তু এনে অসৎ ব্যক্তিয়ে ভুৱা চিকিৎসক হৈ চিকিৎসা আগবঢ়াই আহিছে। জানিব পৰামতে মোকালবাৰী বাগিছাৰ হাস্পতালত এইজন ভুৱা চিকিৎসক চাইমন নাগে সকলোৰে চকুত ধূলি দি চিকিৎসা সেৱা কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে..উল্লেখ্য যে চাইমন নাগে ষ্টিফেন এণ্টনীৰ নামত ভুৱা প্ৰমাণ পত্ৰৰে চিকিৎসকৰূপে যোগদান কৰিছিল..আনহাতে এই বিষয় সন্দৰ্ভত এজন সচেতন ব্যক্তিয়ে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকক অৱগত কৰাৰ পাছতে চাবুৱা থানাৰ ভাৰাপ্ৰাপ্ত বিষয়া টুলুমণি দুৱৰাৰ আৰু ৰহমৰীয়া আৰক্ষী থানাৰ জিতেন বুঢ়াগোহাঁই নেতৃত্বত যোৱা এটি আৰক্ষী দলে গ্ৰেপ্তাৰ কৰে ভুৱা চিকিৎসকজনক। আৰক্ষীৰ তথ্য অনুসৰি ভুৱা চিকিৎসকজনে 2007-বৰ্ষত কৰ্ণাটকৰ বাংগালোৰৰ এখন প্ৰতিষ্ঠানৰ পৰা ষ্টিফেন এণ্ট্ৰনীৰ নামত ডাক্তৰী পাছৰ প্ৰমাণ পত্ৰ লৈ অসমৰ কেইবাটাও স্থানত চিকিৎসক হিচাপে কাম কৰি আহিছিল।

ইফালে ষ্টিফেন এণ্ট্ৰনী ওৰফে চাইমন নাগে 2003-বৰ্ষত চাবুৱাৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হৈ উক্ত পৰীক্ষাত ফেইল কৰা সেই একেই জন ব্যক্তিয়ে কি দৰে ষ্টিফেন এণ্ট্ৰনীৰ নামত ( দাবী কৰা অনুসৰি ) সুখ্যাতিৰে প্ৰথম বিভাগত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হৈ 2007-বৰ্ষত কৰ্ণাটকৰ বাংগালোৰৰ পৰা MBBS- পাছ কৰিলে সেয়াও এক ৰহস্যৰ বিষয়..উল্লেখ্য যে ষ্টিফেন এণ্ট্ৰনী শীৰ্ষক একে নামৰ এগৰাকী সুদক্ষ চিকিৎসক ভাৰতৰ বাহিৰত কৰ্মৰত অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে ৰহমৰীয়া আৰক্ষীয়ে ন্যায়ধীশ আদালতত কৰা আবেদনৰ ভিত্তিত পাছতে চাইমন নাগক অধিক সোধা-পোছাৰ বাবে ৰহমৰীয়া আৰক্ষী থানাত ৰাখিছে বুলি জানিব পৰা গৈছে..আনহাতে বাগিছাৰ কৰ্তৃপক্ষৰ লগতে হাস্পতাল কৰ্তৃপক্ষ সকলোৰে চকুত ধূলি দি দীৰ্ঘদিনৰ পৰা কিদৰে এনে এজন ব্যক্তিয়ে চিকিৎসকৰ দৰে এটি মহৎ বৃত্তিত নিয়োজিত হৈ আছিল তাকে লৈ এতিয়া চাবুৱাৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে

Leave A Reply