Breaking

স্বৰ্গদেউ প্ৰমত্ত সিংহই প্ৰতিষ্ঠা কৰা হাতীমূৰাৰ শিলত খুদিত দূৰ্গা মন্দিৰত দূৰ্গা পূজা

0 2,066

দেৱী দূৰ্গাৰ বন্দনাৰে মুখৰিত হৈ পৰিছে কলিয়াবৰ । সমগ্ৰ ৰাজ্যৰ লগতে কলিয়াবৰতো পালন কৰা হৈছে দূৰ্গা পূজা। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈছে দূৰ্গোৎসৱৰ মহা অষ্টমী।কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত পাহাৰ আৰু সমভূমিৰে প্ৰাকৃতিক মনোমোহা ঠাই হাতীমূৰাত প্ৰতিষ্ঠিত মহিষৰ্দিনী দুৰ্গা মন্দিৰ। হাতীৰ মূৰসদৃশ এটি শিলত ১৬৬৭ শকত ইং ১৭৪৫ চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই দশভুজা দুৰ্গাদেৱীৰ মূৰ্তি খুদিত কৰি প্ৰতিষ্ঠা কৰিছিল এই দুৰ্গা মন্দিৰটি। সেইবাবেই অঞ্চলটোৰ নাম হ’ল হাতীমূৰা।  মন্দিৰটিলৈ সোমাই যোৱা বাটতে এজোপা পুৰণি বৰগছৰ কাষতে আছে প্ৰকাণ্ড শিলত কটা গণেশৰ মুৰ্তি। হাতীমূৰালৈ মন্দিৰ দৰ্শন কৰিবলৈ অহা ভক্তপ্ৰাণ ৰাইজে মুকলি আকাশৰ তলত থকা গণেশৰ মূৰ্তিত কৰি আহিছে পুজা-অৰ্চনা। প্ৰতিবছৰে হতীমূৰাৰ দুৰ্গা মন্দিৰত উলহ-মালহেৰে অনুষ্ঠিত হৈ আহিছে শাৰদীয় দুৰ্গোৎসৱ। এইবাৰো দুৰ্গোৎসৱ পালন কৰিছে ঐতিহ্যমণ্ডিত মন্দিৰটিত। দুৰ্গোৎসৱৰ প্ৰতিটো দিনতে ভক্তৰ সমাগম ঘটে হাতীমূৰাৰ দুৰ্গা মন্দিৰলৈ। অৱশ‍্যে এইবেলি কিছু ব‍্যতিক্ৰ পৰিলক্ষিত হৈছে।পূৰ্বৰ দৰে এইবাৰ কলিয়াবৰত নাই পূজাৰ জাক-জমকতা পূৰ্ণ পৰিৱেশ । চৰকাৰী কভিড বিধি মানি অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত হৈছে দূৰ্গা পূজা । কলিয়াবৰত ১৯৭৯ চনৰে পৰা হাটবৰ সাৰ্বজনীন পূজা সমিতিয়েও আয়োজন কৰিছে চৰকাৰী নিয়ম অনুসৰি দূৰ্গা পূজা। কাঠেৰে নিৰ্মিত দূৰ্গা দেৱীক দৰ্শন কৰি মাৰ আৰ্শীবাদ ল’বৰ বাবে পুৱাৰে পৰা দৰ্শনাৰ্থীৰ পাতলীয়া ভীৰ দেখিবলৈ পোৱা গৈছে।

Leave A Reply