
ৰজা নাগাক্ষৰ দিনতে স্থাপন হোৱা নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত আজিৰে পৰা দুৰ্গতিনাশিনী দুৰ্গাৰ পূজা-অৰ্চনা আৰম্ভ কৰা হৈছে। দুহেজাৰ বছৰ পুৰণি ইতিহাসপ্ৰসিদ্ধ এই বিল্বেশ্বৰ দেৱালয়ত শুক্ল প্ৰতিপদ তিথিৰ আজিৰ এই দিনটোত দেৱী দুৰ্গাক শৈলপুত্ৰী ৰূপে ৰাতিপুৱাৰে পৰা পূজা–অৰ্চনা কৰা হৈছে।
আজি পুৱাৰে পৰা ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে ইতিহাসপ্ৰসিদ্ধ এই বিল্বেশ্বৰ দেৱালয়ত। পৰম্পৰাগতভাৱে প্ৰতিবছৰে বিল্বেশ্বৰ দেৱালয়ত (Billeswar Devalaya) দুৰ্গা পূজা দহ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছিল যদিও বিগত দুবছৰত ক’ভিড মহামাৰীৰ বাবে এদিনীয়া কাৰ্যসূচীৰে পূজা–অৰ্চনা কৰা হৈছিল আৰু সমিতিৰ ফালৰ পৰা এটা ম’হ বলিৰে দেৱীৰ পূজা–অৰ্চনা কৰা হৈছিল৷
কিন্তু এইবাৰ ক’ভিড পৰিস্থিতি উন্নত হোৱাত ২৬ ছেপ্টেম্বৰ পৰা ৫ অক্টোবৰলৈ দহ দিনীয়া কাৰ্যসূচীৰে দুৰ্গতিনাশিনী দুৰ্গাৰ পূজা–অৰ্চনা কৰা হ’ব (Durga Puja at Belsor)৷ আনহাতে এইবেলি ৪০টা ম’হ বলি দিয়াৰ লগতে প্ৰায় ২০টা ম’হ উছৰ্গা কৰা হ’ব। প্ৰায় পঞ্চাশ লক্ষ টকাৰ বাজেটেৰে এইবাৰ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা উদযাপন কৰা হ’ব।
উল্লেখ্য, এই দেৱালয়ত মূৰ্তি পূজাৰ বিপৰীতে ৰাম কলগছক দেৱীৰ ৰূপত সজাই পূজা কৰা হয়। আনহাতে নিৰাপত্তাৰ দিশতো প্ৰশাসনে বান্ধি দিয়া নীতি–নিয়মৰ ওপৰত ব্যৱস্থা কৰিছে। উল্লেখ্য যে নামনি অসমৰ অন্যতম শৈৱশক্তিপীঠ বিল্বেশ্বৰ দেৱালয়।