Breaking

পাণ্ডুনাথ দেৱালয়ত দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা…

0 71

গুৱাহাটী মহানগৰীৰ ভিতৰত সৰ্বাধিক প্ৰায় ৮৩ খন ৰাজহুৱা দুৰ্গা পূজা অনুষ্ঠিত হৈ অহা জালুকবাৰী আৰক্ষী থানা এলেকাত এইবেলিও যাতে আৰক্ষী – প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম অনুসৰি আগন্তুক শাৰদীয় দুৰ্গা পূজা সুকলমে উদযাপন কৰা হয় তাৰ বাবে পূজা উদযাপন সমিতি সমুহে তৎপৰতা আৰম্ভ কৰিছে।

সমান্তৰালভাবে গুৱাহাটীৰ অন্যতম বিসৰ্জনথলী হিচাপে পৰিগণিত হোৱা পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰত যাতে বিজয়া দশমী আৰু তাৰ পাছদিনা দুৰ্গা পূজাৰ প্ৰতিমা শৃংখলাবদ্ধভাৱে বিসৰ্জন দিব পাৰি তাৰ বাবে পাণ্ডুঘাট বিসৰ্জন সমিতি আৰু জালুকবাৰী আৰক্ষী থানাৰ যৌথ উদ্যোগত ৮ অক্টোবৰত পাণ্ডুনাথ দেৱালয় প্ৰাঙ্গনত এখন সাধাৰণ সভা অনুষ্ঠিত হয় ।

পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক দ্বিজেন লহকৰে । সভাত গুৱাহাটী মহানগৰ আৰক্ষীৰ জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত দিতুমণি গোস্বামী আৰু জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতুজ্যোতি নাথে ভাগ লৈ আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ লগতে ব্ৰহ্মপুত্ৰৰ দেৱী প্ৰতিমা বিসৰ্জন , পূজাৰ কেইদিনত উদযাপন সমিতি সমূহে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা আদিৰ ওপৰত বিশদ বাখ্যা দাঙি ধৰে আৰু পূজা সুকলমে সম্পন্ন কৰাৰ ক্ষেত্ৰত মহানগৰ আৰক্ষী প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়ম সমূহ মানি চলিবলৈ সকলোকে আহ্বান জনায় ।

সভাত জালুকবাৰী থানাৰ অন্তৰ্গত দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি তথা সম্পাদক, পাণ্ডুঘাট বিসর্জন সমিতিৰ সমূহ বিষয়ববীয়া আৰু সদস্য-সদস্যা , নাগৰিক সমিতি, গাঁওৰক্ষী বাহিনীৰ কৰ্মকৰ্তাকে ধৰি ডেৰ শতাধিক লোক উপস্থিত থাকে।

আনহাতে সভাত সৰ্বসন্মতিক্ৰমে আগন্তক কাৰ্যকালৰ বাবে পুনৰ নিমাই চন্দ্ৰ দাসক সভাপতি , কমল দেক কাৰ্যকৰী সভাপতি , দ্বিজেন লহকৰক সাধাৰণ সম্পাদক , ভূপতি শৰ্মা, পৰেশ ঠাকুৰীয়া, তৰিক উদ্দিন আহমেদকে ধৰি কেবাজনকো উপ সভাপতি, নিৰোদ ৰায়ক কোখাধ্যক্ষ , তিনি নমবৰ ৱাৰ্ডৰ পাৰিষদ কল্লোল কুমাৰ চক্ৰৱৰ্ত্তীক মুখ্য উপদেষ্টা, সুদেশ কুমাৰ জৈনকে ধৰি কেবাজনকো পৃষ্ঠপোষক হিচাপে লৈ পাণ্ডুঘাট বিসৰ্জন সমিতিখন গঠন কৰা হৈছে।

Leave A Reply