Breaking

শিৱসাগৰৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ দূৰ্গাধৰ বৰাৰ পৰলোকপ্ৰাপ্তি; অঞ্চলজুৰি শোকৰ ছাঁ

0 109

শিৱসাগৰৰ নামতি চেতিয়া গাঁৱৰ নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোকপ্ৰাপ্তি শিক্ষাবিদ, সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত অধ্যক্ষ দূৰ্গাধৰ বৰাৰ৷

শিক্ষাজগত আৰু বিভিন্ন সমাজিক অনুষ্ঠান প্রতিষ্ঠানৰ লগত জড়িত থকা অমায়িক স্বভাৱৰ ব্যক্তিজনৰ মৃত্যুৰ খবৰ বিয়পি পৰাত অঞ্চলজুৰি শোকৰ ছাঁ পৰে৷ দূৰ্গাধৰ বৰা মৃত্যুৰ খবৰ পোৱাৰ লগে লগে অগণন গুণমুগ্ধই তেওঁৰ বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷

প্ৰয়াত কনক চন্দ্ৰ বৰা আৰু প্ৰয়াত প্ৰেমদা বৰাৰ পুত্ৰ দূৰ্গাধৰ বৰা৷ মৃত্যুৰ প্ৰাক্ মুহূৰ্তলৈকে সমাজৰ হকে নিজৰ জীৱনক উৎসৰ্গা কৰা সকলোৰে শ্ৰদ্ধাৰ ধ্ৰুৱতৰা স্বৰূপ দূৰ্গাধৰ বৰাই ১৯৭০ বৃহত্তৰ নামতি অঞ্চলৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয় প্ৰতিষ্ঠা কৰে আৰু ১৯৬৪ চনত নামতি চাৰিআলি বালিকা বিদ্যালয়, ২০০৪ চনত মিছাজন শংকৰদেৱ বিদ্যালয় নিজে প্ৰতিষ্ঠা কৰিছিল৷

তদুপৰি ৫০ৰ দশকতে অঞ্চলটোত ক্ৰিকেট আৰু ফুটবল খেল প্ৰসাৰৰ বাবে কেটকুৰি চাপৰি, বৰফুকন খেল পথাৰৰ সৃষ্টি কৰা, নাজিৰা জিলা শ্ৰীমন্ত শঙ্কৰদেৱে সঙ্ঘৰ সভাপতি, আঠখেল দক্ষিণ পশ্চিম আঞ্চলিক শাখাৰ প্ৰতিষ্ঠাপক সভাপতি, অঞ্চলটোৰ বাট পথৰ উন্নয়নৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠানৰ বাটকটীয়া আছিল৷ সামাজিক আৰু শৈক্ষিক অনুষ্ঠানত আগভাগ লোৱা দূৰ্গাধৰ বৰাই শিক্ষাৰ জীৱন এনে ধৰণৰ ৯১ নং নামতি চাৰিআলি প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষাৰে শিক্ষা জীৱনৰ আৰম্ভ কৰি ১৯৪৩ চনত নামতি চাৰিআলি এম.ই মাদ্ৰাছা স্কুলত তৃতীয় শ্ৰেণীলৈকে আৰু ১৯৪৪/৪৬ চনলৈকে নামতি এম.ই স্কুলত ষষ্ঠ শ্ৰেণীলৈকে অধ্যয়ন কৰে৷

সপ্তম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে নামতি বালক উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰাৰ পাছত যোৰহাট চৰকাৰী উচ্চতৰ বহুমুখী বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয়৷

তাৰ পাছতে (১৯৫৩/৫৫ চন) কটন কলেজৰ পৰা আই.এচ.চি আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা (১৯৫৫/৫৭ চন) বি.এচ.চি ডিগ্ৰী লাভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এম.এছ.চি ডিগ্ৰী লাভ কৰে৷

তেখেতৰ বিয়োগত স্থানীয় দল সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে৷

এক শোকাকুল পৰিৱেশত দূৰ্গাধৰ বৰাৰ শেষকৃত সম্পন্ন কৰে৷

Leave A Reply