Breaking

প্ৰাথমিক বিদ্যালয়ৰ ৮ হাজাৰ পদ বিলুপ্তিৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী ডি ৱাই এফ আই আৰু এছ এফ আইৰ…

0 56

অসম চৰকাৰে ৮ হাজাৰ স্থায়ী শিক্ষকৰ পদ বিলুপ্ত কৰিবলৈ লোৱা হঠকাৰী সিদ্ধান্তক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) আৰু ভাৰতৰ ছাত্ৰ ফেডাৰেছন (এছ এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ প্ৰতিবাদ জনাইছে আৰু এই সিদ্ধান্ত তৎকালে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

চৰকাৰৰ এই সিদ্ধান্তক শিক্ষা বিৰোধী আৰু নিবনুৱা বিৰোধী সিদ্ধান্ত বুলি আখ্যা দিছে ডি ৱাই এফ আই আৰু এছ এফ আইয়ে। শিক্ষকৰ অভাৱত ৰাজ্যখনৰ শিক্ষা ব্যৱস্থা নিম্নগামী হৈ পৰা সময়তে শিক্ষক পদৰ বিলুপ্তিয়ে শিক্ষা ব্যৱস্থালৈ অধিক বিপৰ্যয় নমাই আনিব বুলি আশংকা প্ৰকাশ কৰিছে সংগঠন দুটাই।

এক যুটীয়া বিবৃতিত সংগঠন দুটাই কয়, “চৰকাৰৰ সিদ্ধান্ত মতে নিম্ন প্ৰাথমিকৰ ৪,২৮৫ টা আৰু উচ্চ প্ৰাথমিকৰ ৩,৭১৫ টা শিক্ষকৰ পদ বিলুপ্ত কৰিব। ৰাজ্যখনত হাজাৰ হাজাৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে শিক্ষক পদৰ চাকৰিৰ বাবে আশা পালি থকাৰ সময়তে চৰকাৰে এই সিদ্ধান্তৰে শিক্ষিত যুৱক-যুৱতীসকলৰ মূৰত ৰামটাঙোন সোধাইছে।”

বিবৃতিটোত লগতে কয়, “একেদৰে ত্ৰিশ সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষকৰ জীৱনলৈ চৰকাৰে ভাবুকি কঢ়িয়াই আনিছে। ঠিকাভিত্তিক শিক্ষকসকলে চাকৰি নিশ্চিত কৰি নিৰাপত্তাৰ লগতে সকলো সা-সুবিধাৰে চাকৰি স্থায়ী কৰাৰ দাবী জনাই আহিছে।”

চৰকাৰী ধনে জধে-মধে খৰচ কৰা, পৰিকল্পনাহীন আৰু উনুৎপাদনশীল খণ্ডত ব্যয় কৰাৰ ফলত চৰকাৰৰ আৰ্থিক অৱস্থা গভীৰ সংকটত সোমাই পৰিছে আৰু এই সংকটৰ ফলতেই বিজেপি চৰকাৰখনে ব্যয় সংকোচন নীতি গ্ৰহণ কৰি শিক্ষকৰ স্থায়ী পদ বিলুপ্তিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংগঠন দুটাই অভিযোগ কৰিছে।

যুটীয়া বিবৃতিটোত লগতে সংগঠন দুটাই কয়, “ৰাজ্যখনত প্ৰায় ৪ সহস্ৰাধিক শিক্ষানুষ্ঠান এজনীয়া শিক্ষকৰে চলি আছে। এনে অৱস্থা চৰকাৰৰ সিদ্ধান্ত কেৱল শিক্ষা বিৰোধীয়ে নহয় ই চূড়ান্ত নিবনুৱা বিৰোধীও। এই সিদ্ধান্ত ৰাজহুৱা শিক্ষা ব্যৱস্থাক ধ্বংস কৰাৰ দিশত আৰু এখোজ আগুৱাই নিব।”

Leave A Reply