Breaking

বৰপেটাৰ দৰিদ্ৰ পৰিয়ালক আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা ই-ৰিক্সা প্ৰদান

0 2,232

বৰপেটাৰ এটি দৰিদ্ৰ পৰিয়ালক আজি আজমল ফাউণ্ডেশ্যনৰ তৰফৰ পৰা এখন ই-ৰিক্সা প্ৰদান কৰা হয় । বৰপেটাৰ ঘোঁৰামাৰা হাটীৰ প্ৰয়াত জিতু দাসৰ দৰিদ্ৰ পৰিয়ালটোৰ উপাৰ্জনৰ পথ হিচাপে দুখীয়া পৰিয়ালটোলৈ এই ই-ৰিক্সা খন প্ৰদান কৰে সংস্থাটোৱে ।  আজি আজমল ফাউণ্ডেশ্যনৰ হৈ মুফতি ছামচুদ্দিন আহমেদ  আৰু আশ্ৰাফুল মামুনে প্ৰয়াত জিতু দাসৰ বাসগৃহত উপস্থিতহৈ পৰিয়ালৰ লোকৰ হাতত ই-ৰিক্সাখন প্ৰদান কৰে । উল্লেখ্য যে বৰপেটা চহৰত ঠেলা চলাই কঠোৰ পৰিশ্ৰমেৰে জীৱন নিৰ্বাহ কৰা জিতু দাস নামৰ লোকগৰাকীয়ে এবছৰ পূৰ্বে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে । মৃত্যুৰ পূৰ্বেও  লোকগৰাকীৰ চিকিৎসাৰ সহায়ৰ বাবে আজমল ফাউণ্ডেশ্যনৰ হকে মুফ্তি ছামচুদ্দিন আহমেদ আৰু আশ্ৰাফুল মামুনে আৰ্থিক সাহাৰ্য্য আগবঢ়াইছিল যদিও চিকিৎসাধীন অৱস্থাতেই  লোকজন মৃত্যুমুখত পৰে । দুগৰাকী ল’ৰা -ছোৱালী আৰু পত্নীৰে সৈতে দুখীয়া পৰিয়ালটোৰ মুল উপাৰ্জনকাৰী লোকগৰাকী এইদৰে মৃত্যু হোৱাৰ পিছত পৰিয়ালটো এক অভাৱনীয় আৰ্থিক দূৰ্যোগৰ সন্মুখীন হয় ৷ পৰিয়ালটোৰ দূৰ্দশাৰ কথা অনুধাৱন কৰি আৰু এইক্ষেত্ৰত বৰপেটাৰ স্থানীয় সাংবাদিক পুলেন্দ্ৰ দাসে আজমল ফাউণ্ডেশ্যনৰ প্ৰতিনিধি সকলক অৱগত কৰে । পৰিয়ালটোৱে সন্মুখীন হোৱা সমস্যাৰ পৰা পৰিয়ালটেক উদ্ধাৰ কৰাৰ লগতে পৰিয়ালটোক উপাৰ্জনৰ পথ এটা মোকলাই দিয়া আৰু দুৰ্ভগীয়া পৰিয়ালটোক সকাহ হ’ব পৰাকৈ আজমল ফাউণ্ডেছনৰ তৰফৰ পৰা ই-ৰিক্সাখন প্ৰদান কৰে ৷ দুখীয়া পৰিয়ালটোক সকাহ দিয়াৰ বাবে আজমল ফাউণ্ডেছনে লোৱা উদ্যোগ আৰু এইক্ষেত্ৰত  সাংবাদিক পুলেন্দ্ৰ দাসে লোৱা তৎপৰতাত স্থানীয় লোকে আদৰনি জনোৱাৰ লগতে আজমল ফাউণ্ডেশ্যনৰ এনে পদক্ষেপৰ বাবে পৰিয়ালটোৱে কৃতজ্ঞতা জনায় ।

Leave A Reply